মিথেন নিঃসৰণত বিশ্বৰ শীৰ্ষ স্থানত বাংলাদেশ

bangladesh

বিশ্বব্যাপী তাপমাত্রা বৃদ্ধি বা গ্লোবেল ৱার্মিঙৰ ক্ষেত্রত গ্রিনহাউছ গেছ কার্বন-ডাই-অক্সাইডতকৈও মাৰাত্মক মিথেন গেছ৷ জলবায়ু পৰিৱৰ্তনৰ চিকাৰ হোৱা বাংলাদেশেই মিথেনৰ উৎপাদনত শীর্ষ স্থানত আছে বুলি মত প্ৰকাশ কৰিছে পৰিৱেশবিজ্ঞানী সকলে। ক্ষতিকাৰক এই গ্রিনহাউছ গেছ উৎপাদনত বাংলাদেশে প্রত্যক্ষ আৰু পৰোক্ষ ভূমিকা লৈছে বুলি জনাইছে পেৰিছৰ তথ্য বিশ্লেষক সংস্থা কাইৰোছ চাছে। চেটেলাইট চিত্র বিশ্লেষণ কৰি জলবায়ুৰ পৰিৱৰ্তন সংক্রান্তীয় গৱেষণা কৰে উক্ত সংস্থাটোৱে।

বাংলাদেশত কি কাৰণে ক্রমশঃ মিথেনৰ নিঃসৰণ বাঢ়িছে সেয়া অৱশ্য এতিয়াও গৱেষণা সাপেক্ষ। কিন্তু ইতিমধ্যে এই পৰিসংখ্যাই চিন্তাত পেলাইছে বিজ্ঞানীসকলক । বাংলাদেশৰ পৰিৱেশ মন্ত্ৰী ছাহাবুদ্দিনে কৈছে,'সমস্যা সম্পর্কে আমি অৱগত। মিথেনৰ সিংহভাগেই নিঃসৃত হয় ধানখেতিৰ পৰা। আবাদী মাটিত বন্যাৰে প্লাবিত হ’লে ফচল পচি প্রচুৰ মিথেন নির্গত হয়। ইয়াৰোপৰি জীৱাশ্ম জ্বলোৱা অন্যতম কাৰণ। আমি দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছো।'

বিজ্ঞানীসকলৰ মতে, বাংলাদেশৰ প্রাকৃতিক দুর্যোগত মিথেন গেছ উৎস অঞ্চলৰপৰা জনবসতিপূৰ্ণ অঞ্চললৈ বিয়পি পৰে যি গ্লোবেল ৱাৰ্মিঙৰ অন্যতম কাৰণ। ইয়াৰোপৰি প্রাকৃতিক গেছৰ লাইনত ফাট ওলালে, কলকারীৰখানাৰ বৰ্জিত সামগ্ৰী, ইন্ধন জ্বলালে ওলোৱা ধোঁৱা ইত্যাদি সমস্যাও আছে। বাংলাদেশত বৃদ্ধি পাবলৈ ধৰা মিথেন নিঃসৰণত উদ্বেগ বাঢ়িছে আন্তর্জাতিক মহলতো। সমুদ্রপৃষ্ঠ ৰপৰা কম উচ্চতা আৰু অধিক জনঘনত্বই এই অঞ্চলক অধিক বিপদজনক কৰি তুলিছে। Environmental Defense Fund ৰ চেয়াৰমেন ষ্টিভেন হামবাৰ্গৰ মতে বাংলাদেশত পৰিস্থিতিৰ অবিলম্বে খতিয়ান দেখুৱাব লাগিব। মিথেন নিঃসৰণৰ উৎসসমূহ চিহ্নিত কৰিব লাগিব। তেনে নকৰিলে অহা কাল চোৱাত পৰিস্থিতি অধিক ভয়ঙ্কৰ হ’বলৈ গৈ আছে বুলি উদ্বেগ প্রকাশ কৰে তেওঁ। 

Your Comments