গুৱাহাটীত ক'ভিডৰ বাবে সাজু কৰা হৈছে চিকিৎসালয়,ক'ত পঢ়ি জানি লওঁক

Pic

গুৱাহাটীত ক'ৰ'না আক্রান্তৰ বাবে পুনৰ সাজু কৰা হৈছে চিকিৎসালয়।মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালক ক'ভিড আক্রান্তৰ চিকিৎসাৰ বাবে সাজু কৰি তোলাৰ কথা জনালে চিকিৎসালয়খনৰ অধীক্ষক অনুপল শৰ্মাই।

উল্লেখ যে বৰ্তমান ৫৫ খন বিচনা ক'ভিড আক্রান্তৰ বাবে সাজু কৰা হৈছে।দুই-এদিনতে আৰু ১০০খন বিচনা সাজু কৰা হ'ব চিকিৎসালয়খনত।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনাৰ ভিত্তিত চিকিৎসালয়খন সাজু কৰাৰ কথা অৱগত কৰে এমএমচিএইচৰ অধীক্ষকগৰাকীয়ে।

ইফালে,জনতাক কভিডৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় অধীক্ষকগৰাকীয়ে।

Your Comments