শ্বহীদক অপমান কৰি ১৪দিনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লেখিকা শিখা শৰ্মা

Pic

শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লেখিকা শিখা শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ।কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা লেখিকাগৰাকীক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে লেখিকাগৰাকীক।উল্লেখ যে  শ্বহীদক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হৈছিল শিখা।

ইফালে,আদালতত হাজিৰ কৰোৱাৰ সময়ত সংবাদ মাধ্যমক উদ্দেশ্য কৰি শৰ্মাই কয় যে তেওঁ শ্বহীদক অপমান কৰা নাই।

Your Comments