মাতৃ বিয়োগৰ চাৰিদিন:জাতিৰ স্বাৰ্থত পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ প্ৰচাৰ চলালে লুৰীণজ্যোতি গগৈয়ে

Pic

*মোৰ মাতৃক হেৰুৱালোঁ,কিন্তু অসম মাতৃক ৰক্ষাৰ বাবে ওলাই আহিছোঁ-লুৰীণজ্যোতি গগৈ*

জন্মদাত্ৰী মাতৃ বিয়োগৰ চাৰিদিন দিন আজি।পুত্ৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি তিনিদিনীয়া কাজ সম্পূৰ্ণ কৰিয়েই অসম মাতৃৰ ৰক্ষাৰ স্বাৰ্থত শনিবাৰে সংগ্রামলৈ ওলাই আহিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।মাতৃ দুলু গগৈৰ বিয়োগৰ দুখে পুত্ৰ লুৰীণজ্যোতিক আৱৰি থকাৰ সময়তো অসম মাতৃৰ ৰক্ষাৰ কথা পাহৰিব পৰা নাই জাতীয়তাবাদী নেতাগৰাকীয়ে।দলৰ গুৰু দায়িত্ব পালন কৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামত বলিষ্ঠ কণ্ঠস্বৰৰ যোদ্ধাগৰাকীয়ে নিজকে পুনৰ আত্মনিয়োগ কৰিছে।

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নির্বাচনৰ অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ সভাপতি লুৰীনে অংশগ্ৰহণ কৰে প্ৰচাৰ কাৰ্যসূচীত। মাতৃ বিয়োগৰ ব্ৰত ৰাখি বগা বস্ত্ৰ পৰিধান কৰি মহানগৰীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক  প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা এক বিশাল কাৰ ৰেলীত অংশগ্ৰহণ কৰে গগৈয়ে।

ৰেলীত অংশগ্ৰহণ কৰি লুৰীনে কয়-"প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছতে বিজেপিৰ এশ প্লাছৰ দম্ভালি  চূৰ্ণ-বিচূৰ্ণ হৈছে।আমি চৰকাৰ গঠনৰ সংখ্যা লাভ কৰিম। ২মে'ত  এই সংখ্যা ২৫-৩০ লৈ নামিব।"
 
"মোৰ মাক হেৰুৱালোঁ।মা মোৰ কাৰণে সাহস-প্ৰেৰণা প্ৰতীক।অসমবাসীৰ জাতীয় সংকট কিমান ভয়াৱহ আৰু গভীৰ সকলোৱে জানে।মাতৃক হেৰুৱাৰ পিছতো অসম জননীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আৰু সমগ্ৰ অসমৰ লাখ লাখ মাতৃৰ আশা-আকাংশাক নতুন গতিপথ দিবলৈ ওলাই আহিছো"-আবেগিক হৈ গগৈয়ে কয়।

"মা য'ত আছে তাৰ পৰাই আৰ্শীবাদ দিয়ক।কেৱল মোক নহয় অসমৰ জনতাক।জাতীয় সংকট শেষ হৈ,সাম্প্ৰদায়িকতাবাদ শেষ হৈ জাতীয় স্বাভিমানেৰে যাতে সকলোৱে জীয়াই থাকিব পাৰে"-লুৰীনে কয়।

"অসম ৰক্ষাত আঞ্চলিকতাবাদে শেষ আশ্ৰয়।আঞ্চলিকতাবাদক উলাই কৰি অসমক ৰক্ষা কৰিবলৈ নোৱাৰি।এইবাৰ গাঁৱে-ভূঁয়ে আঞ্চলিকতাবাদৰ উদগীৰণ হৈছে। যাৰ বাবে ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে"-সভাপতিগৰাকীয়ে লগতে কয়।

উল্লেখ যে চানমাৰিৰ পূৰ্বে নুনমাটিত অসম জাতীয় পৰিষদৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰিন্স ফাইজুল হকৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সভাপতি গগৈয়ে।গগৈক সংগ দিয়ে চিত্তৰঞ্জন বসুমতাৰীয়ে।

উল্লেখ ৬ এপ্ৰিলত অনুষ্ঠিত হব ৰাজ্য তৃতীয় তথা অন্তিম পৰ্যায়ৰ নির্বাচনৰ ভোটগ্ৰহণ।পূৰ্ব গুৱাহাটী সমষ্টিৰ বিজেপিৰ পৰা দখল কৰা লক্ষ্যৰে অদীপ কুমাৰ ফুকনৰ বহু শতাধিক সমৰ্থক তথা দলীয় কর্মীৰে সাব্যস্ত কৰে শক্তি প্ৰদৰ্শন।

Your Comments