নির্বাচন আয়োগৰ ৰোষত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা:৪৮ ঘণ্টালৈ নিষিদ্ধ ঘোষণা মন্ত্ৰীগৰাকীক

Pic

নির্বাচনী আয়োগৰ ৰোষত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।অহা ৪৮ ঘন্টালৈ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব প্ৰচাৰ অভিযানত। কোনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব নোৱাৰিব মন্ত্ৰীগৰাকী। গুৰুত্বপূৰ্ণ কথা উক্ত সময়চোৱাত নিৰ্বাচনী ৰোড শ্ব, শোভাযাত্ৰাৰ লগতে কোনো সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব নোৱাৰিব মন্ত্ৰীগৰাকীয়ে।

Pic

উল্লেখ যে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল শৰ্মাই।ইয়াৰ পিছতে নির্বাচনী আয়োগৰ কাষ চাপিছিল কংগ্ৰেছ।কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত নিৰ্বাচনী আয়োগে মন্ত্ৰীগৰাকীৰ পৰা উত্তৰ বিচাৰিছিল।মন্ত্ৰীগৰাকীৰ উত্তৰত সন্তুষ্ট হোৱা নাছিল আয়োগ।

Pic

তাৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আয়োগে। তাপৰ্যপূৰ্ণ কথা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আছিল মন্ত্ৰীগৰাকী।ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নির্বাচন অনুষ্ঠিত হ'ব অহা ৬ এপ্ৰিলত।

Your Comments