দুলু গগৈৰ শেষকৃত্যত উপস্থিত হৈ 'আছু'ৰ সভাপতি-সম্পাদকে কি ক'লে পঢ়ক

Pic

অসম জাতীয় পৰিষদৰ সভাপতি,প্ৰাক্তন আছু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ বিয়োগত মৰ্মাহত সদৌ অসম ছাত্ৰ সন্থা।মাতৃৰ বিয়োগৰ খবৰ পাই তিনিচুকীয়াৰ লাইপুলিৰ লুৰীণজ্যোতিৰ ঘৰত উপস্থিত আছুৰ কেন্দ্ৰীয় নেতা-কর্মী তথা নেতৃত্ব।

প্ৰাক্তন সতীৰ্থ গগৈৰ মাতৃ বিয়োগৰ খবৰ লাভ কৰি আছুৰ সভাপতি দীপাংক নাথ পুৱাই উপস্থিত হয় লুৰীণজ্যোতিৰ তিনিচুকীয়া গৃহত।মাতৃৰ শেষকৃত্যত অংশগ্ৰহণ কৰি নাথে কয়- "আইৰ অবৰ্তমানত ছাত্ৰ সন্থাৰ শক্তিটো আপোচ নকৰাকৈ আগবাঢ়ি যাব লাগিব।একমাত্ৰ পুত্ৰ লুৰীণজ্যোতিক সদায় সাহস আৰু প্ৰেৰণা দিছিল মায়ে।পিতৃ-মাতৃৰ সহযোগিতা অবিহনে জাতীয় সংগ্রামত একাণপটীয়াকৈ কাম কৰি যাবলৈ সক্ষম নহয়।গতিকে,লুৰীণক সদায় সন্মুখৰ পৰা জাতীয় সংগ্রামক নেতৃত্বৰ প্ৰদান কৰি আগবঢ়াই নিয়াৰ বাবে সাহস আৰু প্ৰেৰণা দিছিল মায়ে।"

"মাৰ সাহস আৰু উদ্যমে লুৰীণজ্যোতিক এটা শক্তি হিচাপে সমাজৰ চকুত আগবঢ়াই নিয়াত সফল হৈছে।জাতিৰ সংকটকালত জাতিৰ স্বাৰ্থত আপোচহীনভাৱে আগবঢ়াই দিছিল একমাত্ৰ পুত্ৰক"-সভাপতিগৰাকীয়ে কয়।

ইফালে,শেষকৃত্যত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয়- "প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কর্মীৰে মাতৃসদৃশ আছিল।ঘৰখন আমাৰ বাবে ভাতঘৰ,চাহঘৰ আছিল।প্ৰতি মুহূৰ্তত ছাত্ৰ সন্থাক উৎসাহ-অনুপ্ৰেৰণা দিছিল জাতিৰ বাবে কাম-কাজ কৰিবলৈ।"

Your Comments