একমাত্ৰ পুত্ৰ লুৰীণজ্যোতিৰ নিৰ্বাচনৰ ফলাফল নোপোৱাকৈ পঞ্চভূতত বিলীন মাতৃ দুলু গগৈ

Pic

পঞ্চভূতত বিলীন লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ।তিনিচুকীয়া জিলাৰ লাইপুলিত ধৰ্মীয় ৰীতি-নীতিৰে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত বৃহস্পতিবাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৭৭ বছৰীয়া দুলু গগৈৰ।মৰমৰ পুত্ৰ লাচিতে(লুৰীণজ্যোতি গগৈ) মুখাগ্নি কৰে প্ৰয়াত মাতৃৰ।

বুধবাৰে নিশা ১০.৪৫ বজাত ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল মাতৃ দুলু গগৈয়ে।

সোমবাৰে পুৱা উচ্চ ৰক্তচাপত আক্রান্ত হোৱা মাতৃগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।অধিক গুৰুতৰ অৱস্থাত ভৰ্তি কৰোৱা মাতৃ গৰাকীয়ে দুটা দিন আইচিইউত মৃত্যুৰে যুঁঁজ দি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানে।

উল্লেখ যে পুত্ৰৰ নিৰ্বাচনী ফলাফলৰ খবৰ লাভ কৰাৰ পূৰ্বে সকলোকে কন্দুৱাই ইহ-সংসাৰ ত্যাগ কৰিলে মাতৃগৰাকীয়ে।

Your Comments