অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ বিয়োগ। মৃত্যুৰ সৈতে যুঁজি অৱশেষত বুধবাৰে নিশা ১০:৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে দুলু গগৈয়ে।
ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল মাতৃগৰাকী।
উল্লেখ যোগ্য যে, উচ্চ ৰক্তচাপত ভোগা দুলু গগৈক সোমবাৰে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
ইফালে মাতৃ বিয়োগৰ খবৰ পাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে পুত্ৰ লুৰীণজ্যোতি গগৈ।দলীয় নির্বাচনী প্ৰচাৰৰ কামত দিনটো হাজোত আছিল গগৈ।ৰাতিটো গুৱাহাটীত কটোৱাৰ কথা আছিল যদিও খবৰ পোৱা মাত্ৰকে ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে গগৈ।
- Log in to post comments
- 24 views