লুৰীণৰ মাতৃৰ পিছত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ গুৰুতৰভাৱে অসুস্থ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ চিকিৎসাধীন হৈ থকাৰ সময়তে এইবাৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে 'ৰাইজৰ দল'ৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।মঙলবাৰে পুৱাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে মাতৃগৰাকীক।

উল্লেখ যে যোৱা দুদিন ধৰি শৰীৰত অধিক বিষ অনুভৱ কৰা কৰিছিল মাতৃ প্ৰিয়দাই। ক্ৰিটেনাইন অধিক হোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিবলৈ দিছে চিকিৎসকে।

কাৰাবন্দী পুত্ৰৰ হৈ কিছদিনৰ পূৰ্বে শিৱসাগৰত বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল মাতৃগৰাকীয়ে।পুত্ৰক মুকলি আকাশৰ তললৈ উলিয়াই অনাত সহায় কৰাৰ বাবে শিৱসাগৰবাসীক অখিলৰ পক্ষত ভোট  দিয়াৰ বাবে আহ্বানজনাইছিল বয়োজ্যেষ্ঠ মাতৃগৰাকীয়ে।

বিগত ১৬মাহ ধৰি কাৰাবন্দী হৈ আছে পুত্ৰ অখিল গগৈ।পুত্ৰক চাবলৈ সক্ষম নোহোৱাত মাতৃ প্ৰিয়দা বহুসময়ত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰা দেখা গৈছিল।

Your Comments