লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি:'আই সুস্থ হোৱাৰ বাবে অসমবাসীয়ে প্রাৰ্থনা কৰক'-শংকৰজ্যোতি বৰুৱা

Pic

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ স্বাস্থ্যৰ অধিক অৱনতি।ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিংহোমত ভেন্টিলেচনত ৰখা হৈছে মাতৃ দুলু গগৈক।অসম চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ এটা দলে চিকিৎসা কৰি আছে তেওঁক।এই কথা জনালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

Pic

সঞ্জীৱনী মেডিকেলত উপস্থিত হৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ মাতৃৰ স্বাস্থ্যৰ বুজ লৈ আছুৰ সম্পাদক বৰুৱাই কয়-'আইৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি চিকিৎসকে জনাইছে। 'অসমবাসীক মাতৃগৰাকী সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

দুলু গগৈৰ চিকিৎসাত জড়িত হৈ থকা স্নায়ু বিশেষজ্ঞৰ চিকিৎসক দলটোৱে স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক বুলি কৈছে।অষ্ট্ৰোপচাৰৰ ব্যৱস্থা নাই বুলি জানিবলৈ দিছে।উন্নত চিকিৎসাৰ বাবেও নিব পৰা নাযাব।ভেন্টিলেচনৰ সহায়ত শ্বাস-প্ৰশ্বাস লৈ থকা বুলি কয় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে। 

উল্লেখ যে সোমবাৰে পুৱা উচ্চ ৰক্তচাপত আক্রান্ত হৈছিল দুলু গগৈ।

Your Comments