হোলীৰ আনন্দৰ মাজতে গুৱাহাটীৰ নৱগ্ৰহ নতুন নগৰত ভয়ংকৰ অগ্নিকাণ্ড

Pic

হোলীৰ আনন্দৰ মাজতে গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।নৱগ্ৰহৰ নতুন নগৰত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বহুকেইটা বাসগৃহ।

দিনৰ ভাগতে সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ কৰাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও ঘটনাস্থলীত উপস্থিত হ'বলৈ পৰা নাছিল।অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ যাব পৰা সুবিধা নথকাৰ বাবে বিকল্প পদ্ধতিৰে জুই নুমুৱাৰ চেষ্টা কৰা হয়।।ঘটনাত কেইবালাখ টকা সা-সম্পত্তি অগ্নিকাণ্ড জাহ যোৱা সন্দেহ কৰা হৈছে।

ইফালে,অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটো ধোঁৱাই আগুৰি ধৰে।

Your Comments