প্ৰাগ নিউজৰ ভিডিঅ' সাংবাদিকক আক্ৰমণৰ অপচেষ্টা চোকা অস্ত্ৰধাৰী মাউতৰ:পল্টন বজাৰ থানাত এজাহাৰ দাখিল

Pic

দেওবাৰে পুৱা ১০.৩০ বজাত গুৱাহাটী মহানগৰীৰ উলুবাৰী উৰণীয়া সেতুৰ তলত চোকা অস্ত্ৰধাৰী মাউতৰ চোঁঁচা ফটো সাংবাদিকলৈ।টেলিভিছন চেনেল প্ৰাগ নিউজৰ ভিডি'অ সাংবাদিক সৌৰভ দে'ক প্ৰাণে মৰাৰ অপচেষ্টা।

ঘটনা সন্দৰ্ভত ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ থানাত দাখিল কৰিছে এজাহাৰ।

Pic

এজাহাৰত বৰ্ণনা কৰা অনুসৰি-ভিডিঅ' সতীৰ্থসকলৰ সৈতে কাৰ্যালয়ৰ সমীপতে লঘু আহাৰ গ্ৰহণ কৰি আছিল।উক্ত সময়তে তিনিটা হাতীসহ তিনিজন মাউত উৰণীয়া সেতুৰ তলত উপস্থিত হয়।হাতী তিনিটাৰ অস্বাভাৱিক আচৰণ দেখি ভয় খাই হাতীকেইটাক উক্ত স্থানৰ পৰা লৈ যাবলৈ মাউতক আহ্বান জনায়।তাতে খৰ্গহস্ত হৈ মাউত তিনিজনে অশালীন গালি- গালাজ কৰি তেওঁলোকৰ লগত থকা চোকা অস্ত্ৰৰে সাংবাদিকগৰাকীক আক্ৰমণ কৰিবলৈ চোচা লয়।কেৱল এয়াই নহয় এজাহাৰখনত উল্লেখ কৰা অনুসৰি মাউতৰ দলটোৱে হাতীকেইটাক আক্ৰমণ  কৰিবলৈ নিৰ্দেশ দিয়ে।ফলত হাতীকেইটাই সাংবাদিকগৰাকীৰ সতীৰ্থকেইজনক আক্ৰমণ কৰিবলৈ খেদি যায়।

উল্লেখ সমগ্ৰ ঘটনাৰ ভিডিঅ' আৱদ্ধ কৰা হয় মোবাইলত।

Your Comments