চিকিৎসালয়ত ভর্তি হৈছে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ । জানিব পৰা অনুসৰি, বুকুৰ বিষ হোৱাৰ বাবেই চিকিৎসালয়ত ভর্তি কৰা হৈছে তেওঁক । বৰ্তমান চিকিৎসকসকলৰ তত্ত্বাৱধানত ৰখা হৈছে ৰাষ্ট্রপতি গৰাকীক ৷
সেনাবাহিনীৰ চিকিৎসালয়লৈ ৰাষ্ট্রপতিক লৈ যোৱা হৈছে। খবৰ অনুসৰি, ইতিমধ্যে চিকিৎসালয়ত এটা চিকিৎসকৰ দল গঠন কৰা হৈছে। এই মুহূর্তত তেওঁ অব্জাৰভেচনত আছে।
ৰাষ্ট্রপতিভৱনৰপৰা জনোৱা হৈছে, কোনো চিন্তাৰ কাৰণ নাই। ৰুটিন চেক্আপ আৰু কিছু সমস্যাৰ বাবে ৰাষ্ট্রপতি গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তেওঁৰ শাৰীৰিক পৰিস্থিতি নিয়ন্ত্রণৰ ভিতৰত আছে। আশঙ্কা বা উদ্বেগৰ কোনো কাৰণ নাই।
উল্লেখযোগ্য বিষয়, ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে ভেক্চিনৰ প্রথম ডোজ গ্রহণ কৰিছে। ফলত ভেক্চিন গ্ৰহণৰ পৰৱর্তী পর্যায়ত যি শাৰীৰিক পৰিস্থিতি নিতান্তই কাকতালীয় নে কোনো সমস্যা হৈছে সেই লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে। কিন্তু ৰাষ্ট্রপতিভৱনে সকলোবোৰ চিন্তাক নস্যাৎ কৰি সমগ্ৰ বিষয়টোক 'ৰুটিন চেক্আপ'-ৰ শব্দ যুগলৰ মাজতেই আবদ্ধ কৰিবলৈ বিচাৰিছে।
- Log in to post comments
- 7 views