বৃহস্পতিবাৰে ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আনুষ্ঠানিকভাৱে অন্ত পৰিব।৪৭টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰিব উক্ত ৪৭টা সমষ্টিত।ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে এই কথা।
প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে আয়োগে কয়- জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ১২৬ধাৰা অনুসৰি ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ আগত সামৰণি পৰিব প্ৰচাৰ অভিযানৰ।উল্লেখ যে অহা ২৭ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
গুৰুত্বপূৰ্ণ এই সময়চোৱাত কোনো ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় সভা,শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব অথবা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব।ৰেডি'অ, টেলিভিছন আদি গণ মাধ্যমতো বন্ধ হব প্ৰচাৰ কাৰ্য।মুঠৰ ওপৰত ভোটাৰক আকৰ্ষিত কৰিব পৰা কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান আয়োজনৰ পৰা বিৰত থাকিব লাগিব।
আয়োগে বান্ধি দিয়া নিয়ম মতে এই সময়ছোৱাত কোনো এগজিট পল ঘোষণা কৰিব নোৱাৰিব।
- Log in to post comments
- 8 views