"জাতীয় স্বাভিমান ৰক্ষাৰ স্বাৰ্থত দিল্লীৰ অন্যায় আৰু অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিওঁ আহক"-আছুৰ অসমবাসীলৈ আহ্বান

Pic

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত অহা ২৪ মাৰ্চত ১১ঘন্টাৰ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব ছাত্ৰ সংগঠনটোৱে।

Pic

ইয়াৰ উপৰিও মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৩ এপ্ৰিলত সমগ্ৰ অসমত পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিব আছুৱে।

Pic

বিজেপিক বিশ্বাসঘাটক আখ্যা দি বিধানসভাৰ নির্বাচনক লৈ আছুৰ আহ্বান-'প্ৰকৃত আঞ্চলিকতাবাদেই একমাত্ৰ পথ।'

Pic

কংগ্রেছক বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়াৰ বিপৰীতে বিজেপি-এআইইউডিএক সাম্প্ৰদায়িক দল আখ্যা আছুৰ।

প্ৰেছ বিজ্ঞপ্তিৰে ৰাজ্যবাসীক আছুৱে আহ্বান জনাই কয়-"জাতীয় স্বাভিমান ৰক্ষাৰ স্বাৰ্থত দিল্লীৰ অন্যায় আৰু অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিওঁ আহক।"

হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিবলৈ বিচৰা বিজেপি আৰু অগপৰ সিদ্ধান্তৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ এয়া সময় বুলি উল্লেখ কৰে আছু সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই‌।

Your Comments