গুৱাহাটীৰ ৰাজপথত মূকাভিনয় শিল্পী দলৰ ব্যতিক্ৰমী প্ৰচেষ্টা:নেতৃত্বত মৃণাংক ডেকা

Pic

*মহানগৰীত স্বচ্ছতা বৰ্তাই ৰখাৰ আহ্বান*

বিশ্ব মূকাভিনয় দিৱসত গুৱাহাটীৰ ৰাজপথত সোমবাৰে এদল মূকাভিনয় শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টা।

'নিৰ্বাক'ৰ উদ্যোগত মূকাভিনয় শিল্পী মৃণাংক ডেকাৰ নেতৃত্বত মূকাভিনয়ৰ জড়িয়তে মহানগৰীখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে জনতাক আহ্বান জনোৱা হয়।

গুৱাহাটীৰ পথ,ৰাজহুৱা স্থান,চৰকাৰী কাৰ্যালয় আদি তামোল,পাণ,গুটখা সেৱন কৰি একাংশ লোকে অপৰিষ্কাৰ কৰি তোলা কাৰ্যক বিষয়বস্তু হিচাপে লৈ সজাগতামূলক মুকাভিনয় প্ৰদৰ্শন কৰে শিল্পী দলটোৱে।কিদৰে মহানগৰখন সুন্দৰ কৰি ৰাখিব লাগে,তাৰ বাবে মূকাভিনয়েৰে মহানগৰবাসীক জনায় আহ্বান।

Pic

শিল্পী দলটোৱে হাতত প্লে'কাৰ্ড লৈ ৰাজপথ পৰিষ্কাৰ কৰি ৰখাৰ কথা সোঁঁৱৰাই দিলে পথচাৰীসকলক।

মহানগৰীৰ গুৱাহাটী ক্লাব,দীঘলীপুখুৰীৰ পাৰ, কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰে মূকাভিনয় ৷

উল্লেখ যে পূৰ্বেও পৰিৱেশ সুৰক্ষাৰ লগতে বিভিন্ন সমস্যাক বিষয়বস্তু হিচাপে লৈ মূকাভিনয়ৰ জৰিয়তে ৰাইজক সজাগ  কৰাৰ চেষ্টা চলাই আহিছে ডেকাই।

Your Comments