অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত হেলিকপ্টাৰ কথমপি দুৰ্ঘটনাৰ পৰা পৰিল ৰক্ষা

AJP's helicopter

২১ মাৰ্চ দেওবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত  এখন হেলিকপ্টাৰ লাহৰিঘাটত নিৰ্বাচনী প্ৰচাৰ চলাই ডিব্ৰুগড়লৈ ঘুৰি অহাৰ পথত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল । পাইলটে হেলিকপ্টাৰ খনৰ ইমাৰ্জেন্সি লেণ্ডিং কৰাৰ ফলত দুৰ্ঘটনাৰপৰা ৰক্ষা পৰে হেলিকপ্টাৰখনত সেই সময়ত থকা জিয়াউৰ ৰহমান, জেৰিফা ৱাহিদ, সম্বিত শৰ্মা আৰু মিৰাজ ফাৰুক ৷ যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত ৪:৪৫ বজাত কৰা হয় ইমাৰ্জেন্সি লেণ্ডিং ৷

উল্লেখ যোগ্য যে, পুৱা ১০ বজাত হেলিকপ্টাৰখনে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰৰ পৰা চাৰিওজনকে লৈ উৰা মাৰিছিল লাহৰিঘাটলৈ৷ নিৰ্বাচনী প্ৰচাৰ চলাই ঘুৰি আহোতে কাজিৰঙাৰ ওপৰত হেলিকপ্টাৰখনক ঘুৰ্ণী বতাহে আগুৰি ধৰে৷ ফলত ৪৫ মিনিট ধৰি আকাশতে উৰি ফুৰিব লগা হৈছিল হেলিকপ্টাৰখন ৷ অৱশেষত পাইলটে দক্ষতাৰে প্ৰত্যাহ্বান নেওচি যোৰহাটত অৱতৰণ কৰায় হেলিকপ্টাৰখন৷

Your Comments