অখিল গগৈৰ বিস্ফোৰক চিঠি:"দলবোৰে জনতাৰ হৃদয়ৰ বাৰ্তা শুনাত বিফল হ'ল"

Akhil Gogoi

"২১ৰ নিৰ্বাচন অসমীয়া জাতিৰ জীৱন-মৰণৰ যুঁঁজ,অস্তিত্ব ৰক্ষাৰ সংগ্রাম"

বিধানসভা নির্বাচনৰ প্ৰাকমুহূৰ্তত অসমবাসীলৈ ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ মুকলি চিঠি।"বিজেপি বিৰোধী,'কা' বিৰোধী আটাইতকৈ সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক নিৰ্বাচনত ভোট দি অসম বচাওক।"

Pic

প্ৰায় ১৫ মাহ দিন কাৰাবন্দী হৈ শাৰীৰিক আৰু মানসিকভাৱে অত্যান্ত কষ্টত থকা বুলি উল্লেখ কৰি গগৈয়ে কয়-"মই নাজানোঁ মোৰ ভৱিষ্যৎ কি!কিন্তু বুজি উঠিছোঁ বিজেপি শাসন কালত অসম আৰু অসমীয়া ভৱিষ্যৎ একেবাৰে বেয়া।সম্পদসমূহ এফালৰ পৰা বিক্ৰী কৰি অসমৰ ভৱিষ্যৎ সম্পূৰ্ন বন্ধকত দি দিছে।
তাৰ বাবে অহা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক সকলোয়ে মিলি পৰাভূত কৰিব লাগিব।এয়া আমাৰ জাতীয় দায়িত্ব,সময়ৰ আহ্বান।"

Pic

অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থ সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য উল্লেখ কৰি গগৈয়ে কয়-"শংকৰ-আজানৰ সমন্বয়ৰ অসমক উগ্ৰ হিন্দুত্ববাদী,ভুৱা দেশপ্ৰেমী বিজেপিৰ পৰা ৰক্ষা কৰিব লাগে।"

"অসম জাতীয় পৰিষদৰ লগতে কংগ্ৰেছৰ লগতো বিজেপি দলক পৰাস্ত কৰাৰ বাবে ঐক্যবদ্ধ হোৱাৰ অৰ্থে আলোচনা কৰা হৈছিল।জেল জীৱনৰ সীমিত স্বাধীনতাৰ মাজত আপ্ৰাণ চেষ্টা কৰিছিলোঁ 'কা' বিৰোধী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাবলৈ।পিছে হঠাত বহুতে ওলোটা খৰ মাৰিল।বদনাম পৰিল আমাৰ ওপৰত।জেলত থকা বাবে মই সঠিক সময়ত ৰাইজক কথাবোৰ জনাব নোৱাৰিলোঁ।পিছে তথ্যপাতি-সাক্ষীবাদী সকলো আমাৰ ওচৰত আছে।"

"বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ সিদ্ধান্ত হৈছিল।এআইচিচিৰ সাধাৰণ সম্পাদকদ্বয় জিতেন্দ্ৰ সিং আৰু মুকুল ৱাচনিকে সকলো জানে বিৰোধী শক্তি ঐক্যবদ্ধ নোহোৱাৰ কাৰণ।উমৈহতীয়া প্ৰাৰ্থী দিয়াত ব্যৰ্থ হ'ল।দলবোৰে জনতাৰ হৃদয়ৰ বাৰ্তা শুনাত বিফল হল।'কা' বিৰোধী প্ৰাৰ্থী একেটা সমষ্টিতে বহুজন হল।জনতা কিছু পৰিমাণে বিভ্ৰান্ত হ'ল।কিন্তু তাৰ পিছতো আমি হতাশ হ'লে নহ'ব।জাতিদ্ৰোহী তথা জনগণ বিৰোধী বিজেপি মিত্ৰজোঁটক যেনে তেনে পৰাভূত কৰিব লাগিব।নির্বাচন অসমীয়া জাতিৰ জীৱন মৰণৰ যুুঁজ,অস্তিত্ব ৰক্ষাৰ সংগ্রাম"-অখিলে কয়।

কাৰাবন্দী নেতাগৰাকীয়ে কয়-"অসমৰ ভৱিষ্যৎ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব।ৰাইজেহে অসম বচাব পাৰিব।ৰাইজে সঠিক আৰু কঠোৰ সিদ্ধান্ত লোৱাৰ সময়।বিজেপি মিত্ৰজোঁঁট বিৰোধী শক্তিশালী প্ৰাৰ্থীজনক বাচি উলীয়াওক।যিজনে বিজেপিক পৰাভূত কৰিব পাতিব তেওঁকে ভোট দিয়ক।ভুলতো বিজেপিক ভোটদান নকৰিব।ভোট দিয়া সময়ত পাঁচ জন 'কা' শ্বহীদলৈ মনত পেলাওঁক।"

Your Comments