'কা' বাতিলৰ দাবীত গুৱাহাটীত 'আছু'ৰ বাইক ৰেলী

Pic

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা' বাতিলৰ দাবীত মহানগৰীত প্ৰতিবাদ।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মটৰ চাইকেল ৰেলীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। 

গুৱাহাটীৰ শ্বহীদ ন্যাসৰ পৰা আৰম্ভ হোৱা ৰেলীৰ চানমাৰী পৰা গণেশগুৰি হৈ জিএছ ৰোডেৰে শ্বহীদ ন্যাসত সামৰণি পৰে।প্ৰায় শতাধিক মটৰ চাইকেলেৰে আছুকৰ্মীসকলে অংশগ্ৰহণ কৰে ৰেলীত।নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,'কা' আমি নামানো, বিজেপি হায় হায় আদি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰতিবাদী কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে কয়-"কোনো কাৰণতে 'কা' মানি লোৱা নহ'ব৷'কা'।বাতিল হ'বই লাগিব।কেন্দ্ৰীয় চৰকাৰে জাপি দিব খোজা 'কা’ কোনো দিনে অসমবাসীয়ে গ্ৰহণ নকৰে ৷"

কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সকীয়নী প্ৰদান কৰি আনোৱাৰ হুছেইনে কয়-"শীঘ্ৰে কা’ বাতিল কৰক অন্যথা গুৱাহাটী মহানগৰৰ লগতে সমগ্ৰ অসমজুৰি  আন্দোলন তীব্ৰ কৰি তোলা হ'ব।"

Your Comments