কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ অক্লান্ত কৰ্মী ক্ষীৰমা শইকীয়াৰ দেহাৱসান

Pic

Picযোৱা ১৫ মাৰ্চত দিনৰ ১ বাজি ১৫ মিনিটত গুৱাহাটীৰ ডাউনটাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ এগৰাকী অক্লান্ত কৰ্মী ক্ষীৰমা শইকীয়াই৷১৯৫২ চনত শোণিতপুৰ জিলাৰ জামুগুৰিত জন্মগ্ৰহণ কৰা পাঁচগৰাকী ভাতৃ-ভগ্নীৰ সৰ্বকনিষ্ঠা ক্ষীৰমা শইকীয়াৰ পিতৃ আছিল প্ৰয়াত কমলাকান্ত শইকীয়া আৰু মাতৃ আছিল প্ৰয়াত দীনেশ্বৰী শইকীয়া৷

প্ৰৱেশিকা উত্তীৰ্ণ হৈয়ে জন্মস্থান এৰি অহা ক্ষীৰমা শইকীয়াই সমাজ সেৱাৰ মনোভাৱেৰে সৰ্বভাৰতীয় বেচৰকাৰী প্ৰতিষ্ঠান কস্তুৰবা ট্ৰাষ্টৰ অধীনত ১৯৭৮ চনত এবছৰীয়া গ্ৰামসেৱিকাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷প্ৰশিক্ষণ সমাপ্ত কৰিয়েই কৰিমগঞ্জ,ডিব্ৰুগড়ৰ ডিকম আৰু তাৰ পিছত কামৰূপ জিলাৰ বকোৰ ভিতৰুৱা গাঁও বাটাকুছিস্থিত কস্তুৰবা আশ্ৰমত গ্ৰামসেৱিকাৰ দায়িত্ব লয়৷পৰ্যায়ক্ৰমে উক্ত কস্তুৰবা ট্ৰাষ্টৰ সঞ্চালিকাৰ দায়িত্ব লৈ প্ৰায় ত্ৰিশ বছৰ ধৰি সমাজৰ বাবে উৎসৰ্গিত মনোভাৱেৰে মানৱ-সেৱা আগবঢ়ায়৷উক্ত কালচোৱাত তেওঁ কণ কণ ল’ৰা-ছোৱালীৰ বাবে কেন্দ্ৰটোতে এখন স্কুল প্ৰতিষ্ঠা কৰে,য’ত তেওঁ নিজেই শিক্ষা দান কৰিছিল৷বিশেষকৈ পুৱাৰ সময়ত শিশুসকলক ভগৱান স্তুতিৰ আদিপাঠেৰে তেওঁলোকৰ মনবোৰ পৱিত্ৰতাৰে ভৰাই পেলাবলৈ যত্ন কৰিছিল৷
মুগা পালনেৰে যুৱকযুৱতীসকলত অনুপ্ৰাণিত কৰিবলৈ তেখেতে নিজেই মুগা পালন কৰিছিল৷ বকো অঞ্চলত তেখেতৰ পৰা অনুপ্ৰাণিত হৈ মুগা পালন কৰি স্বাৱলম্বী হোৱা বহু লোক আছে৷এগৰাকী খেতিয়ক হিচাপেও ক্ষীৰমা শইকীয়া আছিল অতিকৈ সুনিপুণ৷

বকো অঞ্চলৰ প্ৰায়বোৰ সামাজিক অনুষ্ঠানতেই প্ৰয়াত ক্ষীৰমা শইকীয়া জড়িত হৈ পৰিছিল৷ৰাইজেও তেওঁক অকৃত্ৰিম মৰমেৰে বকোৰ এগৰাকী সাহসী প্ৰতিনিধি হিচাপে স্বীকৃতি দিছিল৷সমগ্ৰ কালচোৱাত বকোৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা নিস্বাৰ্থ অৱদানৰ বাবেই বকো টাউন ব্যাপ্তিষ্ট চাৰ্চে "মাতৃ মৰিয়ম" উপাধিৰে বিভূষিত কৰিছিল৷
তাৰোপৰি অসম সাহিত্য সভাৰ তৰফৰ পৰাও তেখেতলৈ একনিষ্ঠ সমাজ সেৱিকাৰ স্বীকৃতি দিয়া হৈছিল৷

সুদীৰ্ঘ বত্ৰিশটা বছৰ বাটাকুছিত সেৱা আগবঢ়াই তেখেত কস্তুৰবা ট্ৰাষ্টৰ মুখ্য কেন্দ্ৰ গুৱাহাটীৰ উলুবাৰীলৈ গুচি আহে ২০১৫চনত৷তাৰ পিছত তাৰ পৰাই অসমৰ বিভিন্ন ঠাইলৈ গৈ সেৱা আগবঢ়াই যায়৷

প্ৰায় চল্লিশটা বছৰ সমাজৰ নামত উৎসৰ্গিত কৰি ২০১৮ চনত অৱসৰ গ্ৰহণ কৰে৷
ঠাইতে কবিতা লিখি কবিতা পাঠ কৰা,বিষয়বস্তুৰ ওপৰত থাউকতে লিখিব পৰা গুণেৰে পৰিপুষ্ট ক্ষীৰমা শইকীয়া আছিল এগৰাকী সুবক্তাও৷তেখেতৰ মৃত্যুত কস্তুৰবা ট্ৰাষ্টে এগৰাকী দক্ষ সেৱিকা হেৰুৱালে৷

যদিওবা ক্ষীৰমা শইকীয়াৰ প্ৰকৃত ঘৰ জামুগুৰিহাটত আছিল,তথাপিও ৰঙিয়াত থকা জ্যেষ্ঠ ভগ্নীৰ ঘৰখনকেই নিজৰ ঘৰ হিচাপে আকোৱালি লৈছিল৷জ্যেষ্ঠ ভগ্নীৰ সন্তানকেইটাক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰাৰ লগতে মাতৃসম মৰম যাঁচিছিল৷নিজৰ অতি মৰমৰ জ্যেষ্ঠ ভগ্নীৰ ঘৰতেই মস্তিস্কৰ ৰক্তক্ষৰণ হৈ দুদিন ডাউনটাউন হাস্পতালত ভেণ্টিলেছনত থাকি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে৷সেইদিনাই ৰঙিয়াত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷

Your Comments