গৃহৰক্ষী বাহিনীৰ জোৱানে অনিৰ্দিষ্টকালৰ বাবে ঘোষণা কৰিলে কৰ্ম বিৰতিৰ

Homeguard

১৮ মাৰ্চ বৃহস্পতি বাৰৰপৰা গৃহৰক্ষী বাহিনীয়ে কৰ্মবিৰতি ঘোষণা কৰিলে ৷ দৰঙৰ গৃহৰক্ষী বাহিনীৰ জোৱান সকল মঙলদৈৰ গৃহৰক্ষী বাহিনীৰ কামাণ্ডেণ্টৰ কাৰ্যালয়ত কৰ্ম বিৰতি কাৰ্যসূচীত বহিল ।

দিনে মাত্ৰ ৩০০ টকাত ইমানদিনে নিয়োজিত হৈ থকা গৃহৰক্ষী বাহিনীৰ দাবী যে, তেওঁলোকৰ চাকৰিৰ নিয়মীয়া কৰন কৰিব লাগে, দৰমহা বৃদ্ধি কৰিব লাগে ৷ ইয়াৰোপৰি অন্যান্য দাবীও আছে ৷ তেওঁলোকৰ দাবীসমূহ মানি নোলোৱাত ক্ষুদ্ধ গৃহৰক্ষী জোৱান সকলে অনিৰ্দিষ্টকাললৈ এই কৰ্ম বিৰতি ঘোষণা কৰিছে ৷

দৰঙৰ ১২০০ গৃহৰক্ষী জোৱান সহ অসমত সৰ্বমুঠ ২৭০০০ গৃহৰক্ষী জোৱান নিয়োজিত হৈ আছে ৷ বিক্ষুদ্ধ জোৱান সকলে জনাই যে, তেওঁলোকে উত্থাপন কৰি অহা দাবী সমূহৰ মীমাংসা নহ’লে সমাগত ২০২১ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব তেওঁলোক। ২৭০০০ গৃহৰক্ষী জোৱানৰ পৰিয়াল সহ মুঠ ডেৰ লাখতকৈও অধিক ভোটাৰ আছে ৷ ভোটদানৰপৰা বিৰত থকা কথাই প্ৰশ্ন তুলিছে চিন্তিত মহলৰ মাজত অচলাৱস্থাৰ সৃষ্টি হ’ব নেকি ২০২১ৰ বিধান সভা নিৰ্বাচন?

Your Comments