মিত্ৰতা শক্তিশালী কৰাৰ স্বাৰ্থত বৰক্ষেত্ৰী সমষ্টি ৰাইজৰ দলে এৰিলে অসম জাতীয় পৰিষদলৈ

Pic

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীৰ বুুুধবাৰে যৌথ সংবাদমেল।বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত ৰাইজৰ দলৰ ৰাছেল হুছেইনে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে।

ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বৰে হোৱা আলোচনা কৰাৰ পিছতে হুছেইনে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি বৰক্ষেত্ৰীৰ সমষ্টিটো এজেপি প্ৰাৰ্থী পুলকেশ বৰুৱাক এৰি দিয়ে।

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পুলকেশ বৰুৱা আৰু ৰাছেল হুছেইনে যৌথভাৱে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিলে এই কথা।

এজেপি-ৰাইজৰ দলৰ মিত্ৰতা শক্তিশালী কৰাৰ লগতে বিজেপি দলত পৰাস্ত কৰাৰ স্বাৰ্থত এই ত্যাগ বুলি উল্লেখ কৰে হুছেইনে।

Your Comments