বৃহস্পতি-শুকুৰবাৰে গুৱাহাটীত যান-বাহন চলাচলত নতুন পথৰ নিৰ্দেশনা,পঢ়ি জানি লওঁক

Pic

কামৰূপ মহানগৰ জিলাত যান-বাহন চলাচলত নতুন নিৰ্দেশনা।বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বিধানসভা নির্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে মহানগৰীত যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা যান-বাহন শাখাৰ আৰক্ষীৰ।

বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ বাবে ১৮ আৰু ১৯ মাৰ্চত যান-বাহন চলাচলত নতুন পথৰ নিৰ্দেশনা জাৰি আৰক্ষীৰ।

চানমাৰিৰ দিশৰ পৰা জালুকবাৰী অভিমুখে চলাচল কৰিব লগা বাহনসমূহ জিএনবি ৰোড হৈ জিলা পুথিভঁৰাল,আৰবিআই পইণ্ট হৈ পাণবজাৰ উৰণীয়া সেতু হৈ যাব লাগিব।

উলুবাৰীৰ দিশৰ পৰা জালুকবাৰী অভিমুখী বাহনসমূহ এটি ৰোড হৈ যাব লাগিব।

পল্টনবজাৰৰ ফালৰ পৰা জালুকবাৰী অভিমুখী কিছু বাহন  এমএলএন ৰোড হৈ পাণবজাৰ পুলিচ পইণ্ট হৈ এইচবি ৰোডেৰে ভৰলুমুখৰ ফালে যাব পাৰিব।

জালুকবাৰী-ভৰলুমুখৰ ফালৰ পৰা  চানমাৰি, নুনমাটি,দিছপুৰ অভিমুখে যাব লগা বাহন সমূহ ভৰলুমুখৰ এপ'ল পইণ্ট হৈ পাণবজাৰৰ এইচবি ৰোড বা এটি ৰোড হৈ যাব পাৰিব।

উজানবজাৰৰ খাৰঘূলিৰ ফালৰ পৰা  পাণবজাৰৰ অভিমুখে অহা বাহনসমূহ টাইবুল্লা পথ হৈ জিএনবি ৰোড, আৰবিআই পইণ্ট হৈ এটি ৰোড অথবা এমএলএন ৰোড হৈ এইচবি ৰোড পাণবজাৰ হৈ ভৰলুমুখৰ ফালে যাব পাৰিব।

উল্লেখ যে কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত সৃষ্টি হ'ব পৰা যান-জঁট সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে।উক্ত দুটা দিনৰ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব নিৰ্দেশনা।

Your Comments