গুৱাহাটীত দীৰ্ঘদিনৰ মুৰত আকৌ ষ্টনমেনৰ আতংক !

Bipul Das

দীৰ্ঘদিনৰ মুৰত গুৱাহাটীত পুনৰ বিৰাজ কৰিছে ষ্ট’নমেনৰ আতংকই ৷ ভৰলুমুখ থানাৰ অন্তৰ্গত ভূতনাথত শেহতীয়াকৈ সংঘটিত হৈছে তেনে এটা কাণ্ড ৷ 

আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে জনৈক পাগলা নামৰ ৬০ বছৰীয়া বৃদ্ধই গুৱাহাটী মহানগৰীত ভিক্ষা খুজি খাই দীৰ্ঘদিন ধৰি ভূতনাথ শ্মশানত ৰাতি শুই জীৱন নিৰ্বাহ কৰি আহিছিল ৷ কিন্তু যোৱা ১৩ মাৰ্চৰ নিশা কোনোবা দুস্কৃতিকাৰীয়ে তেওঁক মুৰত শিলেৰে খুন্দিয়াই হত্যা কৰি তেওঁৰ লগত থকা ধনখিনি লুটি লৈ যায় ৷ পুৱাৰ ভাগত স্থানীয় ৰাইজে তেজেৰে লুটুৰি-পুতুৰি হৈ পৰি থকা মৃতদেহটো দেখা পায় আৰক্ষীক খবৰ দিয়ে ৷ খবৰৰ ভিত্তিত ভৰলুমুখ থানাৰ আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ 

মৃতদেহটোৰ কাষত তেজৰ চেঁকুৰা লগা শিল পৰি থকালৈ চাই প্ৰাৰম্ভিক পৰ্যায়ত সেয়া হত্যাকাণ্ড বুলি সন্দেহ কৰে আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷ এই পৰ্যন্ত এজন শ্ৰমিকক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে । ধৃত শ্ৰমিকজন ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বৈগুণ্টোলীৰ বাসিন্দা বিপুল দাস বুলি জানিব পৰা গৈছে ৷

Your Comments