অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব ৰাজ্যৰ গৃহৰক্ষী জোৱানে

Pic

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ গৃহ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ ৷

গহ বিভাগে চৰম প্ৰতাৰণা কৰিছে গৃহৰক্ষী জোৱানসকলক ৷ দীৰ্ঘদিনীয়া দাবী আৰু সমস্যাসমূহৰ ক্ষেত্ৰত দিয়া নাই গুৰুত্ব।আলোচনালৈ নিমন্ত্ৰণ দি পুনৰ বাতিল কৰিলে আলোচনা প্ৰক্ৰিয়া।সেয়ে ক্ষোভত ফাটি পৰিছে গৃহৰক্ষী জোৱানসকল।সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই যৌথভাৱে সোমবাৰে সংবাদমেল যোগে দিলে নিৰ্বাচনৰ পূৰ্বে গৃহৰক্ষী জোৱানসকলে কৰ্তব্য পালন নকৰাৰ হুংকাৰ ৷

১৮ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতিৰ ঘোষণা সদৌ অসম প্ৰশিক্ষিত গৃহ আৰক্ষীৰ। 

২৭,০০০ গৃহ আৰক্ষীয়ে এইবাৰ নিৰ্বাচনৰ কৰ্তব্য পালন নকৰে । দীৰ্ঘদিনে ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ থকা গৃহৰক্ষী জোৱানসকলে এইবাৰ সাব্যস্ত কৰিব ভোটাধিকাৰ।

'২১ৰ বিধানসভাৰ নিৰ্বাচনত ভোট প্ৰদান কৰি নিৰ্ণায়ক ভূমিকা লোৱা সিদ্ধান্ত গৃহৰক্ষী জোৱানসকলে ৷ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ লগতে পৰিয়ালৰ সদস্যসকলেও এই নিৰ্ণায়ক ভোটত ল'ব গুৰুত্বপূৰ্ণ ভূমিকা। দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদমেল যোগে এই বুলি  অৱগত কৰিলে সদৌ  অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা কেন্দ্ৰীয় সমিতি সভাপতি কামাখ্যা দাসে ৷

Your Comments