গোট মাৰিবলৈ আৰম্ভ কৰিছে তেজ, ডেনমাৰ্কত ভেক্‌চিন দিয়া বন্ধ কৰা হৈছে সাময়িকভাৱে

AstraZeneca Vaccine

সন্দেহ গুৰুতৰ পার্শ্ব প্রতিক্রিয়াৰ। কৰ’না নিয়ন্ত্রণৰ বাবে প্ৰদান কৰা হোৱা AstraZeneca-ৰ ভেক্‌চিন দিয়া স্থগিত ৰাখিছে ডেনমার্কে।

ডেনমার্কৰ স্বাস্থ্যমন্ত্রালয়ৰ সন্দেহ, AstraZeneca-ৰ কৰ’না ভেক্‌চিন লোৱাৰ পিছত বহুকেইজন ৰোগীৰ দেহত তেজ গোট মৰা আৰম্ভ কৰিছে। কিন্তু এই কথা এতিয়াও সন্দেহৰ পর্যায়তেই আছে। কিন্তু কৰ’না ভেক্‌চিন লোৱা আৰু তেওঁলোকৰ দেহত তেজ গোট মাৰি যোৱাৰ মাজত এটা সম্পর্ক লক্ষ্য কৰা হৈছে। সেয়ে সাময়িকভাৱে এই ভেক্‌চিন দিয়া বন্ধ কৰা হৈছে।

এই পর্যন্ত অষ্ট্ৰিয়া, এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, লুক্সেমবুর্গত AstraZeneca-ৰ ক’ভিড ভেক্‌চিন বন্ধ কৰিছে। এইবাৰ সেই তালিকাত যোগ হ’ল ডেনমার্কৰ নাম। সোমবাৰে অষ্ট্ৰিয়াত ঘোষণা কৰিছে, ৪৯ বছৰৰ এক ব্যক্তি AstraZeneca-ৰ ভেক্‌চিন লোৱাৰ পিছত তেওঁৰ দেহত তেজ গোট মাৰি যোৱাৰ দৰে উপসর্গ আৰম্ভ হৈছে।

আনহাতে, যোৱা ৯ মার্চ পর্যন্ত ইউৰোপত ভেক্‌চিন লোৱা ৩০ লাখ মানুহৰ ভিতৰত ২২ জনৰ দেহত তেজ গোট মাৰিবলৈ আৰম্ভ কৰাৰ অভিযোগ উঠিছে। ডেনমার্কৰ স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰপৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, তেওঁলোকৰ দেশত এতিয়াও AstraZeneca-ৰ ভেক্‌চিন বাতিল কৰাৰ সিদ্ধান্ত লোৱা নাই ৷ মাত্ৰ সাময়িক ভাৱে এই ভেক্‌চিন দিয়া স্থগিত ৰখা হৈছে।

Your Comments