মৰিয়নী সমষ্টিত নিৰ্বাচন মেখেলে অখিল গগৈয়ে

Akhil Gogoi

মৰিয়নী সমষ্টিত নির্বাচন নেখেলে 'ৰাইজৰ দল'ৰ সভাপতি অখিল গগৈয়ে।বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত মৰিয়নী সমষ্টিত মনোনয়ন প্ৰত্যাহাৰ কৰিব গগৈয়ে।

মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়াই ঘোষণা কৰিলে এই কথা।

"বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত জিকাৰ পূৰ্ণ সম্ভাৱনা থকা মৰিয়নীত অখিল গগৈ অৱতীৰ্ণ নহয়।কেৱল  শিৱসাগৰ সমষ্টিৰ পৰা তেওঁ অৱতীৰ্ণ হ'ব"-শইকীয়াই কয়।

গুৰুত্বপূৰ্ণ যে বিজেপিক পৰাস্ত কৰি বিৰোধী বিধায়কৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কাৰ্যকৰী সভাপতিগৰাকীয়ে কয়।

Your Comments