আজি কৰ’না মহামাৰীৰ বর্ষপূর্তি। যোৱা বছৰ কৰ’নাৰ সন্ত্ৰাসত যেতিয়া ত্রস্ত্র সমগ্ৰ বিশ্ব, তেতিয়া বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই সিদ্ধান্ত লৈছিল কৰ’নাক মহামাৰী ঘোষণা কৰা হ’ব। ১১ মার্চত কৰ’নাক মহামাৰী ঘোষণা কৰে WHO য়ে ।
হুহুৱাই সংক্রমণ বাঢ়ি গ’ল। চীনৰ সীমা অতিক্ৰম কৰি বিশ্বৰ বিভিন্ন প্রান্তৰ চুকে-কোণে সংক্ৰমিত হ’ল ৫০ ৰপৰা ২০০ নেন’মিটাৰৰ এই ভাইৰাছ।
জ্বৰ, ডিঙিৰ বিষ সহ বিভিন্ন উপসর্গৰে ভাৰাক্ৰান্ত হ’বলৈ আৰম্ভ কৰিলে বিশ্ববাসী। ভেক্চিনৰ আৱিষ্কাৰত উঠি-পৰি লাগিল বিজ্ঞানীৰ দল। সমগ্ৰ বিশ্বজুৰি সকলো লোক কৰ’নাৰ সৈতে যুঁজি যুঁজি ক্লান্ত হৈ পৰিল ।
ইয়াৰ মাজতে কৰ’নাৰ উপদ্ৰৱ বাঢ়িল। লক্ষ লক্ষ মানুহৰ প্রাণ গ’ল। সকলোৱে স্বজন-পৰিজন হেৰুৱাই থাকিল প্ৰত্যেক দিনে। যিসকলৰ শৰীৰত বিভিন্ন ৰোগৰ বাস আছিল তেওঁলোকৰ শাৰীৰিক অৱস্থা অধিক সংকতজনক হৈ উঠিল।
ঘোষিত হ’ল লক্ডাউন। জৰাজীৰ্ণ হৈ পৰে অর্থনৈতিক ব্যৱস্থা। কাম হেৰুৱালে, ৰোজগাৰ বন্ধ হৈ যায় অধিকাংশৰ। বছৰৰ শেষত আহে ভেক্চিন। ক্ষণিকৰ বাবে কাবু কৰা সম্ভৱ হ’লেও পুনৰাই নতুন ষ্ট্ৰেইনেৰে ঘুৰি আহিছে কৰ’না।
- Log in to post comments
- 15 views