বিশ্বৰ সকলোতকৈ দামী ঔষধ, দাম ১৮ কোটি টকা, কোন ৰোগৰ বাবে, জানো আহক

বিশ্বৰ সকলোতকৈ দামী ঔষধ, দাম ১৮ কোটি টকা, কোন ৰোগৰ বাবে, জানো আহক

বিশ্ব বজাৰত সকলোতকৈ দামী ঔষধ। যি ঔষধক অনুমোদন দিছে ইউনাইটেড কিংদমচ্‌ নেচনেল হেল্থ ছাৰ্ভিচ (NHS)। যাৰ দাম ভাৰতীয় মূল্যত ১৮ কোটি টকা ৷ জানিবলৈ পোৱা গৈছে, এই ঔষধে একেবাৰে নির্মূল কৰি দিয়ে এবিধ বিৰল জেনেটিক ৰোগ।  জিন থেৰাপিত কাম কৰিব এই ঔষধে। যাৰ নান জোলজেন্‌স্মা (Zolgensma)। 

Medicine

এই ঔষধৰ প্রতি ডোজৰ দাম ১৮ কোটি টকা।  সোমবাৰে এই ঔষধ সম্পর্কে বিবৃতি দিছে ইংলেণ্ডৰ ইউনাইটেড কিংদমচ্‌ নেচনেল হেল্থ ছাৰ্ভিচে । এই ঔষধ Spinal Muscular Atrophy (SMA), গুৰুতৰ আৰু বিৰল জিনৰ ৰোগ, পেৰেলাইছিছ, দুর্বল পেশী ইত্যাদিৰ চিকিৎসাৰ সময়ত ৰোগীসকলক দিয়া হ’ব। 

Scientist

যি সকল শিশু Spinal Muscular Atrophy (SMA)ত আক্রান্ত আৰু জন্মগতভাৱে এই type 1 SMA ত ভুগিছে সেইসকল শিশুক এই দুর্মূল্য ঔষধ দিব পৰা যাব ৷ জোলজেন্‌স্মা ঔষধ প্রয়োগৰ ফলত শিশুসকলে ভেন্টিলেটৰ নোহোৱাকৈ শ্বাস ল’ব পাৰিব, খোজ কাঢ়ি চলা-ফুৰা কৰিবও পাৰিব  Spinal Muscular Atrophy (SMA)ত আক্রান্ত শিশুসকলে।Patient

নেচনেল হেল্থ ছাৰ্ভিচৰ প্ৰধান কাৰ্যনিৰ্বাহকৰ ভাষাত নিষ্ঠুৰ ৰোগক দূৰলৈ ঠেলি পঠিয়াই পৰিয়াললৈ আনন্দ কঢ়িয়াই আনিব এই ঔষধে। 

Genetic disease

উল্লেখযোগ্য যে, এই ৰোগ হ'ল এবিধ জিনগত ৰোগ। এই ৰোগত আক্ৰান্ত ৰোগীৰ মেৰুদণ্ড আৰু মস্তিস্কৰ স্নায়ু কোষ দুর্বল হৈ পৰে আৰু ইয়াৰ ফলত ৰোগীজনে তেওঁৰ পেশীসমূহৰ গতি নিয়ন্ত্রণ কৰিব নোৱাৰা হৈ পৰে । 

Your Comments