মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ:আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক গ্ৰেপ্তাৰ

Pic

প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা ৰচনা কৰাৰ অভিযোগ আলোচনাপন্থী আলফা নেতাৰ বিৰুদ্ধে।দিছপুৰ আৰক্ষীৰ সহযোগত আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক।

সোমবাৰে নিশা গুৱাহাটীৰ হাতীগাঁৱৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে জ্যেষ্ঠ আলফা নেতাগৰাকীক।

Pic

উল্লেখ যে গ্ৰেপ্তাৰ কৰি আলফা নেতাগৰাকীক ৰাতিটো দিছপুৰ আৰক্ষী থানাত ৰখা হয়।মঙলবাৰে পুৱা পাণবজাৰ আৰক্ষীৰ অপৰাধ শাখাত জেৰা চলোৱা হয় গগৈৰ।

গগৈক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই যদিও বিশেষ সূত্ৰৰ খবৰ অনুসৰি গগৈৰ ফোন টেপিঙত ভয়ংকৰ তথ্য লাভ কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।কাৰ্বি আংলঙৰ এজন যুৱকৰে আলোচনাপন্থী আলফা নেতাগৰাকীয়ে ফোন যোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰিছিল। 

আনহাতে,গগৈৰ সৈতে আৰক্ষীয়ে দুই অভিযুক্তক ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মানৱ পাঠক,কেতু মোডী।

তাৎপৰ্যপূৰ্ণ যে আৰক্ষীয়ে গগৈক কি কাৰণত গ্ৰেপ্তাৰ কৰিছে,সেই খবৰ লবলৈ আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা অপৰাধ শাখাত উপস্থিত হয়।

Your Comments