আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে 'অসম সংগ্ৰামী মহিলা মঞ্চ'ই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ জীৱনজোৰা অৱদান আগবঢ়োৱাৰ বাবে প্ৰথিতযশা শিল্পী ডঃ লক্ষ্যহীৰা দাস আৰু প্ৰখ্যাত অভিনেত্ৰী বিদ্যা ৰাওক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অসম সংগ্ৰামী মঞ্চৰ মুখ্য সাংগঠনিক সম্পাদক কৰণ কুমাৰ ভূঞাই কয় যে নাৰীয়েই সৃষ্টিৰ উৎস।নাৰী অবিহনে সকলো অন্ত:সাৰশূন্য।ভূঞাই ডঃ লক্ষ্যহীৰা দাস আৰু বিদ্যা ৰাওৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰলৈ থকা অসামান্য বৰঙণি সন্দৰ্ভত ব্যাখ্যা কৰে।
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত মঞ্চৰ উপ-সভানেত্ৰী তাপসী নবীচে কয় যে নাৰী সাহসৰ প্ৰতীক।নাৰী বিশ্বাসৰ প্ৰতীক।সময়ৰ গতি সলনি কৰাৰ দুৰ্বাৰ শক্তি আছে নাৰীৰ।অসম সংগ্ৰামী মঞ্চৰ সম্পাদিকা সান্ত্বনা বৈশ্য বৰ্মনে বক্তব্য প্ৰসংগত মন্তব্য কৰে যে সবল নেতৃত্বৰে এখন সমাজ,এখন ঘৰ জাকত জিলিকা কৰি তুলিব পৰা নাৰী সদায় সৃষ্টিৰ অনবদ্য অংগ।মঞ্চৰ সাংস্কৃতিক সম্পাদিকা চৈয়দা ইয়াচমিন চুলতানাই বিশ্বত বিভিন্ন দিশত নেতৃত্ব বহন কৰা নাৰীৰ কথা উল্লেখ কৰে।বক্তব্য প্ৰসংগত তেওঁ ডঃ লক্ষ্যহীৰা দাস আৰু বিদ্যা ৰাওৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ নাৰীৰ বাবে পাথেয় স্বৰূপ বুলি মন্তব্য কৰে।
অনুষ্ঠানত মঞ্চৰ উপদেষ্টা অজানিতা দত্ত আৰু যুৱ মঞ্চৰ ৰাখী লাংঠাছা উপস্থিত থাকে।
- Log in to post comments
- 78 views