'ৰাইজৰ দল'ৰ মুখ্য উপদেষ্টা পদ কিয় ত্যাগ কৰিলে ডঃ হীৰেন গোঁহাইয়ে,পঢ়ক

Pic

'ৰাইজৰ দল'ৰ মুখ্য উপদেষ্টা পদ ত্যাগ ডঃ হীৰেন গোহাঁইৰ।অখিল গগৈৰ বিশেষ পত্ৰক লৈ অসন্তুষ্ট হৈ পদত্যাগ কৰাৰ কথা ঘোষণা বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ।

"অখিলৰ শেহতীয়া চিঠিখনে দাঙি ধৰা ৰাজনৈতিক প্ৰস্তাৱ মোৰ ধাৰণাত ভ্ৰান্ত আৰু অবাস্তৱ"-উল্লেখ কৰে গোহাঁইয়ে।তেওঁ লগতে কয়-"সংবিধান বিৰোধী-সাম্প্ৰদায়িক বিজেপিক পৰাস্ত কৰাৰ বাবে সকলো গণতান্ত্ৰিক ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগে।ইয়াত ভোট ভাগ হ'বলৈ হ'লে বিজেপিৰ লাভ হ'ব।ৰাইজে বিজেপিৰ প্ৰলোভনত নপৰি বাস্তৱ দৃষ্টিৰে ভৱিষ্যতলৈ চাওঁক।বিজেপিক পৰাস্ত কৰাৰ ৰাজনীতিত যোগ হওঁক।"

গগৈয়ে এআইইউডিএফক বাদ দি বিৰোধী ঐক্যবদ্ধ হ'ব লাগে বুলি চিঠিত জনোৱা আহ্বানৰ বাবে মুখ্য উপদেষ্টাগৰাকীয়ে 'ৰাইজৰ দল'ৰ পৰা পদত্যাগ কৰে।তেওঁ লগতে কয়-"অসমৰ যি জনগাঁথনি,তাত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এক হ'লেও একক সংখ্যাগৰিষ্ঠতা অর্জন কৰা কঠিন হ'ব।ভাগ্য ভাল থাকিলে কেইখনমান আসন পাব,কিন্তু তাৰ দ্বাৰা চৰকাৰ গঠন কৰিবলৈ নোৱাৰে।"

এআইইউডিএফত কৈ বিজেপি বেছি শত্ৰু বুলিও গোহাঁইয়ে লগতে কয়।

Your Comments