'সাহিত্যৰথী সাহিত্য সভা,বতাহঘূলি'ৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

Pic

যোৱা ১ মাৰ্চত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত জ্যোতিশিখা মহিলা সমন্বয় পৰিষদৰ প্ৰেক্ষাগৃহত 'সাহিত্যৰথী সাহিত্য সভা, বতাহঘূলি'ৰ প্ৰথম বাৰ্ষিক অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হয়।পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সাহিত্যৰথী সাহিত্য সভা,বতাহঘূলিৰ সভাপতি অতুল তামুলীয়ে আৰু স্মৃতিতৰ্পণ কৰে উপ-সভানেত্ৰী ড° পাৰুল গোস্বামীয়ে।ইয়াৰ পিছতে বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।

Pic

'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে আৰম্ভ কৰা বিয়লিৰ সভাত মঞ্চত আসন গ্ৰহণ কৰে শাখাৰ সভাপতি অতুল তামুলী,অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শ‌ইকীয়া,কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা,দ্বিপদী কবি ড° সুৰেন্দ্ৰমোহন মহন্ত,বিশিষ্ট গণিতজ্ঞ ড° বিজয়কৃষ্ণ দেৱশৰ্মা,লেখিকা নিবেদিতা বৰুৱা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি মফিজ্জুদিন আহমদে।আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মফিজ্জুদিন আহমদে।

অধিৱেশন আৰু মুকলি সভা উদ্বোধন কৰি আন্তৰ্জাতিক খ্যাতিসম্পন্ন গণিতজ্ঞ ড° বিজয়কৃষ্ণ দেৱশৰ্মাই চমুকৈ দুআষাৰ কয় আৰু সভাৰ সফলতা কামনা কৰে। সম্পাদকৰ উদ্দেশ্য বাখ্যাৰ পিছত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সভাৰ মুখপত্ৰ উন্মোচন কৰাৰ লগতে হৰিহৰ ডেকাৰ দুখন গ্ৰন্থ 'জীৱনৰ এমুঠি গল্প' আৰু 'জোনাকী স্বপ্নৰ বাটেৰে',ড° পাৰুল গোস্বামীৰ 'হৃদয় এখন নদীৰ নাম' একেলগে উন্মোচন কৰে।ভাষণ প্ৰসঙ্গত শইকীয়াই কয় যে সভাত উপস্থিত থাকি এবছৰীয়া শাখাটোৰ কাম-কাজত তেওঁ মোহিত হৈছে আৰু শাখাটো সফলভাৱে আগুৱাই যাব বুলি বিশ্বাস জন্মিছে।সভাত উপস্থিত সকলোকে মুখপত্ৰ 'জনশিমলু' বিনামূলীয়াকৈ দিয়া হয়।ইয়াৰ পিছতে বিশিষ্ট গণিতজ্ঞ ড°বিজয়কৃষ্ণ দেৱশৰ্মাক সাহিত্যৰথী সাহিত্য সভাই সন্মানসূচক "গণিত জ্যোতি" উপাধি প্ৰদান কৰি এখন মানপত্ৰ প্ৰদান কৰে।সহ:সম্পাদক ড° উপেন কাকতিয়ে সভাত মানপত্ৰখন পাঠ কৰি শুনায়।সভাপতিয়ে এখন এৰীয়া চাদৰ,সম্পাদকে এটা ফুলৰ থোপা আৰু প্ৰকাশক ৰাজেন ভট্টাচাৰ্য‌ই এটি কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়।ডঃ দেৱশৰ্মাই মানপত্ৰ গ্ৰহণ কৰি আনন্দিত হোৱাবুলি প্ৰকাশ কৰি দুআষাৰ কয়।
ইয়াৰ পিছত কামৰূপ মহানগৰ জিলা সাহিত্য সভাপতি দাসো কলিতাই ড°পাৰুল গোস্বামীৰ দুখন গ্ৰন্থ 'কালকূট' আৰু 'ৰূপান্তৰৰ কথা' উন্মোচন কৰি একেলগে গ্ৰন্থ সম্পৰ্কে আৰু বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে।গ্ৰন্থ দুখনৰ বিষয়ে কলিতাই সুন্দৰ অভিমত ব্যক্ত কৰে।সাহিত্যৰথী সাহিত্য সভাৰো তেওঁ ভূয়সী প্ৰসংশা কৰি কয় যি মূলা বাঢ়িব তাৰ দুপতীয়াতে চিন।এই অঞ্চলৰ শাখাৰ সভ্যসকল গুণী-জ্ঞানী আৰু তেওঁ আশা কৰে কম দিনৰ ভিতৰতে শাখাটি অধিক উজ্বলি উঠিব।ভাষণৰ অন্তত কলিতাই শাখাটিৰ দুটি পৰিয়াল অতুল তামুলী আৰু মফিজ্জুদিন আহমদৰ পৰিয়ালক অসম সাহিত্য সভাই 'পৰম সুহৃদ হিতৈষী পৰিয়াল' বুলি প্ৰদান কৰা স্বীকৃতিপত্ৰ প্ৰদান কৰে ক্ৰমে উষা তামুলী আৰু মফিজ্জুদিন আহমদৰ হাতত।

পৰৱৰ্তী পৰ্যায়ত উপস্থিত ৩৮ জন আজীৱন সভ্যক প্ৰমাণপত্ৰ আৰু এটা কলম প্ৰদান কৰে ক্ৰমে দাসো কলিতা,ড°বিজয়কৃষ্ণ দেৱশৰ্মা আৰু ড° সুৰেন্দ্ৰমোহন মহন্তই।সভাত বিশিষ্ট অতিথি ড°সুৰেন্দ্ৰমোহন মহন্ত আৰূ নিবেদিতা বৰুৱায়ো চমু ভাষণ প্ৰদান কৰে।

সমজুৱাৰ একেষাৰত ৰবিচন্দ্ৰ দাস , ফাইজুৰ ৰহমান,ড° চৈয়দা জাহানাৰা বেগম আদিয়ে একাষাৰ কয।

সভাত সম্পাদকীয়  প্ৰতিবেদন পাঠ কৰে যোগেন্দ্ৰ কুমাৰ কলিতাই আৰু আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে অতুল চন্দ্ৰ দত্তই।

অনুষ্ঠানটোত বৰগীত পৰিৱেশন কৰে সুশীলা কলিতাই।সংগত কৰিছিল মহেশ্বৰ বৰাই।ফাইজুৰ ৰহমান আৰু সংগীবৃন্দ‌ই এটা জিকিৰ,মহেশ্বৰ বৰা, শেৱালি শৰ্মা কলিতাই গীত পৰিৱেশন কৰে।মফিজ্জুদিন আহমদ ৰচিত এটি গীত পৰিৱেশন কৰে পৱিত্র তালুকদাৰে আৰু তালুকদাৰৰ নাতি গন্ধৰ্বৰাজেও এটা গীত পৰিৱেশন কৰে।মৃদু গোস্বামীয়ে ফাগুনৰ অনুভৱ আৰু সমিজান বেগমে এটা কবিতা আবৃত্তি কৰে।

অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজেন ভট্টাচাৰ্য্যৰ শলাগৰ শৰাইৰ অন্তত জাতীয় সংগীতেৰে সভাৰ সমাপ্তি ঘোষণা কৰে সভাপতিয়ে।

Your Comments