সুৰ সলালে কণ্ঠশিল্পী বিপিন চাউদাঙে:"লুৰীণজ্যোতি মোৰ সৰু ভাই,সি অসমৰ ভাবী মুখ্যমন্ত্ৰী"

Bipin C

সামাজিক মাধ্যমত জনতাৰ তীক্ষ্ণ সমালোচনাত সুৰ সলনি কণ্ঠশিল্পী বিপিন চাউদাঙৰ।সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে মন্তব্য কৰি সামাজিক মাধ্যমত ৰাইজৰ ৰোষত পৰি শুকুৰবাৰে লুৰীণজ্যোতিক অসমৰ ভাবী মুখ্যমন্ত্ৰী আখ্যা কণ্ঠশিল্পীগৰাকীৰ।সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি তেওঁ কয়-"সি মোৰ সৰু ভাই,আমাৰ ভাই-ককাইৰ মাজত অলপ ভুল বুজা-বুজি হৈছিল।কা' আন্দোলন একেলগে কৰিছো।"

উল্লেখ যে লুৰীজ্যোতিক সমালোচনা কৰা সন্দৰ্ভত তেওঁ কয়-"প্ৰসংগক্ৰমে ঘৰৰ মানুহখিনিৰ সন্মুখত কৈছিলোঁ।বৰ্তমান একো নাই,ঠিক হ'ল।তাক শুভেচ্ছা জনাইছোঁ।"

কা' নালাগে,যিকোনো জাতিধ্বংসী আইনৰ বিৰুদ্ধে মাত মাতি যোৱাৰ কথা উল্লেখ কৰি কণ্ঠশিল্পীজনে কয়-"জীৱনত শেষ বিন্দু তেজ থকালৈ কোনো ৰাজনৈতিক দলত যোগদান নকৰো।"

"বিজেপি,এজেপি,কংগ্ৰেছ সকলো দলকে ভাল পাওঁ।প্ৰাৰ্থী চাই নিজৰ ভোট প্ৰদান কৰিম"-চাউদাঙে কয়।

গুৰুত্বপূৰ্ণ যে দুদিন পূৰ্বে টিংখাঙৰ বিজেপি বিধায়ক বিমল বৰাৰ ভূমিপট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি লুৰীণজ্যোতিক সমালোচনা কৰাৰ লগতে গাদী ৰক্ষাৰ স্বাৰ্থত কা' আন্দোলন কৰা বুলি বিপিন চাউদাঙে মন্তব্য প্ৰকাশ কৰিছিল।তাৰ পিছতে সামাজিক মাধ্যমত শিল্পীগৰাকীক বিভিন্নজনে কটাক্ষ কৰি বিভিন্ন ভাষ্য প্ৰদান কৰিছিল।

Your Comments