উদীয়মান কণ্ঠশিল্পী নীড় দীপাংক আৰু নাই

Pic

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এটা বৃহৎ ক্ষতি।পুৱাই আহিল কোনেও কল্পনা কৰিবলৈ নোৱাৰা এটা দু:সংবাদ।উদীয়মান কণ্ঠশিল্পী নীড় দীপাংকৰ আকস্মিক মৃত্যু।শুই থকা অৱস্থাত শিৱসাগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে নৱ-প্ৰজন্মৰ মাজত খুবেই পৰিচিত কণ্ঠশিল্পীগৰাকীয়ে।

Pic

উল্লেখ যে প্ৰখ্যাত ভ্ৰাম্যমাণ গোষ্ঠী কহিনুৰ থিয়েটাৰৰ সৈতে জড়িত হৈ থকাৰ উপৰিও বহুকেইটা জনপ্ৰিয় গীত সৃষ্টি কৰিছিল দীপাংকই।এতিয়ালৈ কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। 

ইফালে,দীপাংকৰ মৃত্যুৰ খবৰ পুৱা বিয়পি পৰাৰ লগে লগেই তেওঁৰ অনুৰাগীসকল শোকত ম্ৰিয়মান হৈ পৰিছে।

Your Comments