শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত হোৱা সংঘৰ্ষত এটা চোৰাং চিকাৰী নিহত হয়। বৃহস্পতিবাৰে নিশা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হয় দেৱে পগাগ নামৰ চোৰাং চিকাৰীটো। মৃত চোৰাং চিকাৰীটোৰ ঘৰ বৰদিকৰাইত বুলি জানিব পৰা গৈছে৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত জন্তু চিকাৰৰ উদ্দেশ্যেৰে অবৈধভাৱে প্ৰৱেশ কৰিছিল তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলে ৷ কেইবাদিন ধৰি উদ্যানখনত বাহৰ পাতি আছিল চিকাৰীৰ দলটো। নামেৰীৰ বনকৰ্মীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চিকাৰীৰ দলটোৰ ভৰিৰ খোজ অনুসৰণ কৰে। বনকৰ্মীৰ দলটোৱে চোৰাং চিকাৰী তিনিটাক দেখাৰ লগে লগে ৰ’বলৈ নিৰ্দেশ দিয়া, কিন্তু চিকাৰী এটাই বনকৰ্মীলৈ লক্ষ্য কৰি গুলীচালনাহে কৰে ৷ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও গুলীচালনা কৰাত দেৱে পগাগ নামৰ চিকাৰীটো থিতাতে নিহত হয়।আন দুটা চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়। মৃত চিকাৰীটোৰ পৰা উদ্ধাৰ কৰা বস্তুসমূহৰ ভিতৰত আছিল এটা হস্তনিৰ্মিত বন্দুক, গোপন কেমেৰাৰ বেটাৰী, জীয়াভৰলী নদীত মৰা মাছসহ আপত্তিজনক সা-সামগ্ৰী।
উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাঘৰ অৱস্থিতিৰ বাবে সংস্থাপন কৰা গোপন কেমেৰাও চুৰ কৰিছিল চোৰাং চিকাৰীৰ দলটোৱে৷জন্তু চিকাৰৰ বাবে বাহৰ পাতি থকা দলটোৱে ইয়াৰ পূৰ্বেও নামেৰী ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি জীৱ-জন্তৰ চিকাৰ কৰি আহিছিল বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 8 views