৩ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পূব মাজুলী মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে পুখুৰীপৰীয়া চুক গাঁৱৰ পথাৰত নিৰ্মান কৰা অস্থায়ী হেলিপেডত অৱতৰন কৰে দিনৰ ১ বজাত ৷ তেওঁ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে অস্থায়ী গৃহৰ দ্বাৰ উদ্ঘাটন কৰে ৷ উক্ত অনুষ্ঠানত শ্রীশ্রীঅনিৰুদ্ধ দেৱ ক্ৰিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড: জে পি বাৰ্মা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ।
বিশ্ববিদ্যালয়খনে পাঠ্যক্ৰমসমূহৰ বিভিন্ন বিভাগত শিক্ষক নিযুক্তি আৰু নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে।২০২০-২১ শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনে অসমীয়া আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰিবলৈ লোৱাৰ লগতে ঐতিহ্য অধ্যয়ন, যোগ, মুখা আৰু ভাস্কৰ্য শিল্প আৰু সাঁচিপাত সংৰক্ষন বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মাৰ বাবেও পাঠদান আৰম্ভ কৰিব । তদুপৰি, মিচিং ভাষা শিক্ষাৰ ৬ মহীয়া পাঠ্যক্ৰমৰ বাবেও বিশ্ববিদ্যালয়খনে নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ।
- Log in to post comments
- 10 views