ডিফুত মুখ্যমন্ত্ৰীৰ সভাৰ পেকেট লান্স খাই শতাধিক লোক অসুস্থ,এজনৰ মৃত্যু! 

Pic

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সভাত যোগান ধৰা খাদ্যত হ’ল বিষক্ৰিয়া ! ডিফুত খাদ্য বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰা ১২২জন লোকক DMCHত ভৰ্তি কৰা হৈছে । নিশা ১২ বজালৈ ১২২ জনক হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতো DMCHলৈ ডিফুৰ বিভিন্ন স্থানৰ পৰা আহি আছে বিষক্ৰিয়াত আক্ৰান্ত হোৱা লোক।আক্ৰান্তসকলৰ ভিতৰত আছে ২২টা শিশুও। 

মঙলবাৰে DMCHত আয়োজিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত দিয়া পেকেট লান্স (কণী বিৰিয়ানি) খাইছিল সকলোৱে।DMCHত MBBS শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ উপলক্ষে অনুষ্ঠিত হৈছিল সভাখন।ইয়াৰ পিছতেই সন্ধিয়াৰ পৰা DMCH লৈ লানি লাগিছিল খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হোৱা লোকৰ।এই ঘটনাৰ পিছত নিশাই DMCHত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিন্‌হাই।এই ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত উপায়ুক্তগৰাকীয়ে জনাইছে যদিও পিছে পেকেট লান্স যোগানকাৰীৰ স্পষ্ট তথ্য নাই উপায়ুক্তৰ হাতত!

ইফালে,এই ঘটনাত এজন লোকৰ মৃত্যু হোৱা বুলিও বাতৰি ওলাইছে যদিও অদ্যাপি মৃত্যু হোৱা লোকজন খাদ্য বিষক্ৰিয়াত মৃত্যু হোৱা বুলি নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। লোকজন বকলীয়াঘাটৰ কাংবুৰা বে'।লোকজন ডিফুৰ অনুষ্ঠানৰ পৰা নিশা ঘূৰি অহাৰ পিছত মূৰ ঘূৰণি হয় আৰু তাৰ পিছত মৃত্যু ঘটে।

শেহতীয়া তথ্য মতে,চিকিৎসাধীন ১৪৫ জনৰ ২৮জন সম্পূৰ্ণ সুস্থ হৈছে আৰু বাকীসকল এতিয়া প্ৰায় বিপদমুক্ত।ডিফুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয়,এই খাদ্য মই নিজেও খাইছিলো,মোৰো অলপ অসুবিধা হৈছে।

Your Comments