অসম জাতীয় পৰিষদে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন,জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।বিত্তীয় আৰু অৰ্থনৈতিক পথ-পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে গঠন কৰিছে অৰ্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ।হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰি অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাটো ইয়াৰ মূল লক্ষ্য। বিশিষ্ট অৰ্থনীতিবিদ তথা আৰ্থ- সামাজিক বিশেষজ্ঞক লৈ নৱ- গঠিত আঞ্চলিক দলটোৱে গঠন কৰিছে উপদেষ্টা পৰিষদখন।এই কথা সংবাদমেলযোগে ঘোষণা কৰে এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে।
দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ ডঃ জৈমিনী ভাগৱতীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা উপদেষ্টা পৰিষদৰ উপ-সভাপতি ডি এন শইকীয়া। আহ্বায়কৰ দায়িত্ব দিয়া হৈছে বিশিষ্ট বুদ্ধিজীৱী অদীপ কুমাৰ ফুকনক।
উল্লেখ যে পৰিষদখনত অসমৰ পৰা ১৪ জন বিশেষজ্ঞ থকাৰ উপৰিও অসমৰ বাহিৰৰ পৰা আছে ৯ জন বিশেষজ্ঞ।
- Log in to post comments
- 24 views