শুৱালকুচি ঘটনাৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি 'আছু'ৱে দাহ কৰিব মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি

#Aasu

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী। দেওবাৰে শুৱালকুচিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা 'আছু' কর্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাক লৈ আছুৰ কেন্দ্ৰীয় সমিতিয়ে সোমবাৰে ৰাজ্যজুৰি ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী।

সমগ্ৰ ৰাজ্যজুৰি প্ৰাক্তন আছু নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰিব আছুৱে। উল্লেখ যে শুৱালকুচিত আৰক্ষীৰ প্ৰহাৰত বহুকেইজন আছু কর্মী আহত হৈছিল।'কা'ৰ বিৰুদ্ধে জোঁৰ সমদল উলিওৱাৰ সময়তে আৰক্ষীৰ সৈতে আছু কর্মীৰ আৰম্ভ হৈছিল খণ্ডযুদ্ধ।

আন্দোলনৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখ যে ইয়াৰ পূৰ্বে যোৱা ২২ জানুৱাৰীত তেজপুৰত আছু কর্মীৰ ওপৰত আৰক্ষীয়ে লাঠী চার্জ কৰিছিল।

Your Comments