ভোগালীয়ে উৎসাহিত কৰিছে অসমীয়াক:সংকল্প এতিয়া নতুন আৰম্ভণি কৰাৰ

Pic

*ৰাজকমল চাংকাকতি*Rajkamal Changkakoti*

ভোগালী পুনৰ আহিছে।অসমীয়াৰ জনজীৱনৰ অবিচ্ছেদ্য অংগ ভোগালী বিহু।পূৰ্বৰ দৰে পুনৰ আহিছে মাঘ মাহৰ এই বিহুটো।কিন্তু,চলিত বৰ্ষত অসমীয়াৰ বাবে ভিন্ন পৰিৱেশ-পৰিস্থিতিত মাঘ বিহু।এই ভোগালী কঠিন সময়ৰ।অসমত ক'ৰ'নাৰ ত্ৰাস বৰ্তমান শাম কাটিছে যদিও জনতাৰ আৰ্থ-সামাজিক জীৱন এতিয়াও এটা পৰ্যায়লৈ শংকাপূৰ্ণ-ত্ৰাসিত।ক'ৰ'না-কালত লকডাউন আৰু কৃষি,ব্যৱসায়-বাণিজ্য হানি হোৱাৰ পৰিঘটনাই বিপুলসংখ্যক অসমীয়াক আৰ্থিকভাৱে যি মাধমাৰ দিলে,সেই আঘাতৰ প্ৰাবাল্যই এতিয়াও মূৰ দাঙি উঠিবলৈ দিয়া নাই বহুতকে।কিন্তু,ক'বই লাগিব হাৰ মানি যোৱা জাতি নহয় অসমীয়া‌।অসমৰ ভিন্ন জাতি-জনগোষ্ঠীসমূহে এতিয়া সাহসেৰে যুঁজিছে প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে আৰু এই যুঁজৰ মাজত চলিত বৰ্ষৰ ভোগালী বিহু।গতিকে,এইবাৰৰ ভোগালীৰ বিশেষত্ব এয়ে যে এয়া অসমীয়াৰ সংগ্ৰামৰ,অৰ্থনৈতিক সংগ্ৰামৰ মাজৰ বিহু।

          ক'ৰ'নাই অসমৰ চহৰ আৰু মফচল এলেকাৰ জনতাক বিপুলভাৱে ক্ষতিগ্ৰস্ত কৰিছিল।কৰ্মসংস্থাপন হেৰুৱাই দিকবিদিক হেৰুৱাইছিল যুৱ প্ৰজন্মৰ কেইবা সহস্ৰাধিক।হঠাতে অহা এই অনাকাংক্ষিত ঘটনা প্ৰৱাহে তেওঁলোকৰ পৰিয়ালবৰ্গক অৰ্থাৎ অন্য কেইবালাখ লোকক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছিল।বিগত ছয়-সাত মাহত এই যুৱ প্ৰজন্ম আৰু তেওঁ লোকৰ সৈতে সম্পৰ্কিত জনতাই জীৱন-প্ৰৱাহ পুনৰ সুস্থিৰ কৰাৰ বাবে সংগ্ৰাম চলাই আছে আৰু সেই সংগ্ৰামৰ মাজতে এইবাৰৰ ভোগালী।দেশ আৰু ৰাজ্যৰ অৰ্থনৈতিক স্থিতিয়ে ক্ৰমশঃ গতি ল'বলৈ ধৰাৰ সময়ত ক'ৰ'নাত কৰ্মসংস্থাপন হেৰুৱা বহু অসমীয়াই জীৱিকাৰ নতুন পথ নিৰ্বাচন কৰিছে আৰু জীৱন-যাত্ৰা চলাই নিছে।এই লোকসকলে এইবাৰ হয়তো অনুষ্টুপীয়াকৈ মাঘ বিহু উদযাপন কৰিছে,কিন্তু এই উদযাপন তেওঁলোকৰ বাবে মনোবল বৃদ্ধি কৰাৰ উৎসৱ হিচাপে চিহ্নিত হৈছে।অনুষ্টুপীয়াকৈ হ'লেও উদযাপন কৰাৰ যে সামৰ্থ পুনৰ অৰ্জন কৰিছে সেই ভাবিয়েই তেওঁলোকৰ মনত নতুন মনোবলে গঢ় লৈছে।তেওঁলোকে দৃঢ়তাৰে ভাবিছে আগন্তুক দিনসমূহত উপাৰ্জন বৃদ্ধি কৰিব আৰু নিৰুদ্দেশ হৈ পৰা সুখ-আনন্দসমূহক লাহে লাহে পুনৰ ঘূৰাই আনিব।           

       ক'ৰ'না কালে ৰাজ্যৰ ব্যৱসায়ী সমাজৰ কঁকাল এক প্ৰকাৰ ভাঙি পেলাইছিল।লকডাউনৰ পিছৰ পৰ্যায়ত বন্ধ হৈ পৰিছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান,হোটেল-ৰেস্তোৰাঁ।ৰাজ্যৰ পৰ্যটন উদ্যোগ,গ্ৰন্থ প্ৰকাশন উদ্যোগ আৰু চলচ্চিত্ৰ উদ্যোগৰ ভেটি এতিয়া থৰকবৰক।কিন্তু,এই উদ্যোগৰ সৈতে জড়িত লোকসকলেও এতিয়া পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু পালন কৰিছে।মেজিৰ জুইৰ সন্মুখত অগ্নি দেৱতালৈ প্ৰাৰ্থনা কৰিছে শীঘ্ৰে অপায়-অমংগল দূৰ হওক,ভাল দিনবোৰ ওভতি আহক।মেজিৰ জুইৰ সন্মুখতে নিশ্চয় তেওঁলোকে সংকল্প লৈছে কেতিয়াও ভাগৰি নপৰাৰ,সংগ্ৰাম অব্যাহত ৰখাৰ।

           দেশৰ অধিকাংশ কৃষকৰ দৰেই অসমৰ ভিন্ন জনগোষ্ঠীয় কৃষক সমাজৰ আৰ্থিক অৱস্থা কেতিয়াও সন্তোষজনক নহয়।প্ৰতিবাৰ বাৰিষাতে অসমৰ কৃষকে চকুলো টুকে বানে খেতি নষ্ট কৰা প্ৰত্যক্ষ কৰি।ধানৰে হওক বা পাচলিৰে হওক ফচলৰ উচিত মূল্য নাপায় ৯৫ শতাংশ কৃষকে।সেই দুৰ্দশাগ্ৰস্ত কৃষকসকলেই সন্মুখীন হ'ব লগা হল ক'ৰ'না কালৰ লকডাউনৰ।পথাৰতে নষ্ট হ'ল কুইণ্টলে কুইণ্টলে শাক-পাচলি।কিন্তু ইমান সমস্যাৰ পিচতো কিন্তু অসমৰ কৃষক ৰাইজে অবিচলভাৱে যুঁজ দিয়ে,আচলতে কঠিন-কঠোৰ পৰিস্থিতিৰ সৈতে যুদ্ধ দিয়াটো তেওঁলোকৰ বাবে পৰিণত হৈছে অভ্যাসত।অসমৰ পৰিও নপৰা কৃষকে ২০২০ বৰ্ষৰ ক'ৰ'না আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি লাহে লাহে পুনৰ মূৰ ঠিয় কৰিছে।কৃষিভিত্তিক উৎসৱ হিচাপে মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ দায়িত্ব সদায় কৃষক ৰাইজে পালন কৰি আহিছে আৰু এইবাৰৰ বিহুটিৰ ক্ষেত্ৰতো প্ৰতিকূল পৰিৱেশৰ মাজত একেই ভূমিকা পালন কৰিছে।এইবাৰৰ মাঘ বিহুৰ পালনৰ সময়ত পুনৰ প্ৰমাণ হ'ল হাজাৰ বিপত্তিৰ চাপৰ মাজত থাকিও মূলতঃ কৃষকেই পালন কৰে কৃষ্টি ৰক্ষাৰ দায়িত্ব।জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ বাবে উৎসৱ উদযাপন কৰোঁতে খেতিয়ক সমাজে পাহৰি পেলাই সমস্ত দুখ-যন্ত্ৰণা।

        এইবাৰৰ ভোগালী বিহুৰ পৰা অসমীয়াই উভতি চাইছে চকুলোৰে সিক্ত ইংৰাজী ২০২০ বৰ্ষলৈ।কিন্তু,সন্মুখলৈও চাইছে সমগ্ৰ ২০২১ বৰ্ষলৈ।এই বিহুতে ভিন্ন জাতি-জনগোষ্ঠীৰ জনতাই উপলব্ধি কৰিছে ২০২১তো ২০২০ৰ ক্ষতি পূৰণৰ বাবে সমৰ অব্যাহত ৰাখিব লাগিব।কিন্তু,নতুন আশাৰ বৰ্ষ হিচাপেও আঁকোৱালি ল'ব লাগিব।হতাশাক পাহৰি,হেৰোৱাৰ বেদনাক অতিক্ৰমি সকলো ক্ষেত্ৰতে নতুন আৰম্ভণি কৰাৰ কৰ্ম প্ৰণালীৰো সূচনা কৰিব লাগিব।এইবাৰৰ মাঘ বিহুত একত্ৰিত হ'ল অসমীয়া।উৎসৱে একত্ৰিত কৰা অসমীয়াই সমন্বিত শক্তিৰ গুৰুত্ব আকৌ উপলদ্ধি কৰিছে।আগন্তুক সময়ত সমন্বিতভাৱে সকলো প্ৰতাহ্বানক নেওচিব অসমীয়াই।

Your Comments