প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ সন্ধানহীন ১৬ বছৰীয়া পুত্ৰ অমৃতক উদ্ধাৰ

Pic

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাাৰীৰ সন্ধানহীন পুত্ৰক অৱশেষত উদ্ধাৰ।২৪ ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১৬ বছৰীয়া অমৃত ৰাজ দৈমাৰীক।
চিৰাং জিলাৰ চাপাগুৰি বাছ আস্থানৰ পৰা উদ্ধাৰ কৰে কিশোৰ অমৃতক।আৰক্ষীৰ সূত্ৰ অনুসৰি বিদ্যালয়ৰ দেৱাল পাৰ হৈ মঙলবাৰে হৈ ওলাই গৈছিল কিশোৰ অমৃত।

উল্লেখ যে কোকৰাঝাৰৰ ৰিয়েলিটী পাব্লিক স্কুলত অধ্যয়নৰত অমৃত দশম শ্ৰেণীৰ ছাত্ৰ আছিল।

কিশোৰ অমৃতক উদ্ধাৰ কৰাৰ কথা টুইটাৰযোগে অৱগত কৰিলে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

গুৰুত্বপূৰ্ণ যে দশম শ্রেণীত অধ্যনৰত অমৃত নিজ বিদ্যালয়ৰ হোষ্টেলত আছিল।মঙলবাৰে দিনৰ এক বজাৰ পৰা সন্ধানহীন অৱস্থাত আছিল ছাত্ৰগৰাকী।

আনহাতে,ছাত্ৰগৰাকী কি কাৰণত বিদ্যালয়ৰ পৰা পলাই গৈছিল,তাৰ বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।বিদ্যালয়ৰ কঠোৰ শাসন নে অন্য কোনো কাৰণ-আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Your Comments