সকলো বাধা নেওচি প্ৰত্যেকবাৰৰ দৰেই এইবাৰো অনুষ্ঠিত হ’ল গ্ৰন্থপ্ৰেমীসকলৰ বহু প্ৰত্যাশিত গুৱাহাটী গ্ৰন্থমেলা যোৱা ৩০ ডিচেম্বৰৰপৰা ৷ যোৱা প্ৰায় ৫দিন ধৰি উদুলি-মুদুলি হৈ আছে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ । ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত প্ৰতিদিনাই সমাগম হৈছে কেইবাসহস্ৰাধিক গ্ৰন্থপ্ৰেমী ৰাইজৰ। সকলোৱেই উৎফুল্লিত বহুমাহ গৃহবন্দীত্বৰ পিছত ইজনে সিজনক লগ পায় ৷ হাজাৰ হাজাৰ মানুহৰ সমাগমৰ লগতে এইবাৰ কিতাপ বিক্ৰীও খুবেই সন্তোষজনক বুলি জনাইছে প্ৰকাশন গোষ্ঠীসমূহে ।
অসম প্ৰকাশন পৰিষদে জানিবলৈ দিয়া অনুসৰি কেৱল ৩ জানুৱাৰীৰ দিনতেই বিক্ৰী হৈছে প্ৰায় ১কোটি টকাৰ কিতাপ ।
পৰিষদে সদৰি কৰা অনুসৰি যোৱা ৫টা দিনত প্ৰায় ৩কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাত।
- Log in to post comments
- 8 views