লাইফ অব এ ড্ৰাইভাৰ,নিষিদ্ধ যোদ্ধা,আলফা কলংকিত অধ্যায়লৈ গুৱাহাটী গ্ৰন্থমেলাত পাঠকৰ বিপুল সঁহাৰি

Pic

চান্দমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিন।পঞ্চম দিনৰ পৰা গ্ৰন্থ বিপনীসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে গ্ৰাহকৰ সংখ্যা।আনন্দৰে এই কথা প্ৰকাশ কৰিছে গ্ৰন্থ বিক্রেতাসকলে। আখৰ প্ৰকাশনে পঞ্চম দিনটোত প্ৰায় ৪৫হাজাৰ টকাৰ গ্ৰন্থ বিক্ৰী কৰিছে।প্ৰকাশন গোষ্ঠীটোয়ে পাৰ্থবিজয় দত্তৰ 'দূৰৈৰ ঘণ্টাধ্বনি', 'আলফা কলংকিত অধ্যায়' আৰু 'নিষিদ্ধ যোদ্ধা'ৰ সৰ্বাধিক বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে বিপনীৰ দায়িত্বত থকা মনোজ চৌধুৰীয়ে।

বিদ্যালয়সমূহ আজিৰে পৰা খুলিছে।হাতত আৰু ৬টা দিন আছে।বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধিক সঁহাৰি আশা কৰিছে গ্ৰন্থ বিক্রেতাসকলে।পূৰ্বতকৈ গ্ৰন্থ বিক্ৰী এইবাৰ যথেষ্ট ভাল হোৱা বুলিও প্ৰকাশক গোষ্ঠীটোৱে কয়। 

অসম সাহিত্য সভাৰ গ্ৰন্থ বিপনীত অৰুনোদই, অসম সাহিত্য সভা ইতিহাস(প্ৰথম-দ্বিতীয় খণ্ড), অসমৰ জনজাতি আৰু সংস্কৃতি গ্ৰন্থকেইখনে পাঠকৰ সমাদৰ অধিক লাভ কৰিছে।পঞ্চম দিনটোত ১০ হাজাৰ টকা গ্ৰন্থ বিক্ৰী কৰিছে বিপনীখনে।এই কথা জনালে বিপনীৰ দায়িত্বত থকা সত্ৰৰাম কলিতাই।

একেদৰে বৰ্ণ প্ৰকাশনে নিষিদ্ধ যোদ্ধা, আলফা কলংকিত অধ্যায় আৰু লাইফ অব এ ড্ৰাইভাৰ- কেবিনৰ ইপাৰে গ্ৰাহকৰ অধিক সমাদৰ বুটলা বুলি জানিবলৈ দিয়ে। উল্লেখ যে ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাখনৰ ১০ জানুৱাৰীত সামৰণি পৰিব।

Your Comments