ক'ৰনাৰ বাবে ৯ মাহে বন্ধ থকা কাৰাবন্দীৰ সাক্ষাতৰ আজিৰে পৰা পুনৰ অনুমতি

Pic

*কাৰাবন্দীক সাক্ষাতৰ বাবে মাক্স- ছেনিটাইজাৰ বাধ্যতামূলক*

ক'ৰনা ভাইৰাছৰ বাবে বন্ধ থকা কাৰাবন্দীৰ সাক্ষাত আজিৰে পৰা পুনৰ অনুমতি।পৰিয়ালৰ সদস্য তথা আত্মীয়ই কাৰাবন্দীক ক'ৰনা বিধি-বিধান মানি কৰিব পাৰিব সাক্ষাৎ। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীক সাক্ষাৎ কৰাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰৱেশদ্বাৰত সামাজিক দূৰত্ব, মাক্স, ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হিচাপে চিহ্নিত কৰিছে।

কাৰাবন্দীক সাক্ষাতৰ বাবে জেল কৰ্তৃপক্ষই বান্ধি দিছে নিৰ্দিষ্ট সময়।সোমবাৰে প্ৰথম দিনা পুৱা ৯ বজাৰ পৰা ১০ বজালৈ আৰু ১২ বজাৰ পৰা ৩ বজালৈ সাক্ষাতৰ অনুমতি দিছিল। সুদীৰ্ঘ ৯মাহ পৰিয়ালৰে সাক্ষাতৰ অনুমতি নাছিল কাৰাবন্দীৰ। উল্লেখ যে ৰাজ্যৰ ৩১খন কাৰাগাৰত প্ৰযোজ্য হৈছে ক'ভিড শিথিলতা। ৬ খন কেন্দ্ৰীয় কাৰাগাৰ, ২২খন জিলা কাৰাগাৰ আৰু ৩খন সুকীয়া কাৰাগাৰ আছে ৰাজ্যত। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰৰ দিনটোত বিভিন্নজন কাৰাবন্দীক সাক্ষাৎ কৰাৰ বাবে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়।

কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি মাক্স, ছেনিটাইজ নথকাসকলক সাক্ষাৎ কৰা অনুমতি দিয়া নহ'ব। প্ৰায় ১৪০০ কাৰাবন্দী আছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত। পূৰ্বদ*ক'ৰনা বাবে ৯ মাহে বন্ধ থকা কাৰবন্দী সাক্ষাৎ আজি পৰা পুনৰ অনুমতি* *কাৰাবন্দীক সাক্ষাৎ বাবে মাক্স- চেনিটাইজা বাধ্যতামূলক* ক'ৰনা ভাইৰাছৰ বাবে বাধা থকা কাৰাবন্দী সাক্ষাৎ আজিৰে পৰা পুনৰ অনুমতি।পৰিয়ালৰ সদস্য তথা আত্মীয়ই কাৰাবন্দীক ক'ৰনা বিধি-বিধান মানি কৰিব পাৰিব সাক্ষাৎ। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীক সাক্ষাৎ কৰা বাবে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰৱেশদ্বাৰত সামাজিক দূৰত্ব, মাক্স, চেনিটাইজ ব্যৱহাৰ কৰাত বাধ্যতামূলক হিচাপে চিহ্নিত কৰিছে। কাৰাবন্দীক সাক্ষাৎতৰ বাবে জেল কৰ্তৃপক্ষই বান্ধি দিছে নিৰ্দিষ্ট সময়।

আজি প্ৰথম দিনা পুৱা ৯ বজা পৰা ১০ বজালৈ আৰু ১২ বজা পৰা ৩ বজালৈ সাক্ষাৎৰ অনুমতি দিছিল। সুদীৰ্ঘ ৯মাহ পৰিয়ালৰ সাক্ষাৎ অনুমতি নাছিল কাৰাবন্দীক। উল্লেখ ৰাজ্য ৩১খন কাৰাগাৰত প্ৰযোজ্য হৈছে ক'ভিড শিথিলতা। ৬ খন কেন্দ্ৰীয় কাৰাগাৰ, ২২খন জিলা কাৰাগাৰ আৰু ৩খন সুকীয়া কাৰাগাৰ আছে ৰাজ্যত। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰ দিনটোত বিভিন্ন জন কাৰাবন্দীক সাক্ষাৎ কৰা বাবে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি মাক্স, চেনিটাইজ নথকা সকলক সাক্ষাৎ কৰা অনুমতি দিয়া নহব।

প্ৰায় ১৪০০ কাৰাবন্দী আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। পূৰ্বৰ দৰে কাৰাবন্দীক সাক্ষাৎ কৰাৰ সময় ২০মিনিট নিৰ্ধাৰণ কৰিছে।এই কথা প্ৰকাশ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই। কাৰাবন্দীক সাক্ষাৎ কৰাৰ সময় ২০মিনিট নিৰ্ধাৰণ কৰিছে।এই কথা প্ৰকাশ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই।

Your Comments