আলফা(স্বা)ৰ দুধৰ্ষ নেতা তথা উপ-মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই বুধবাৰে মেঘালয়ত আত্মসমৰ্পণ কৰিছে। বিশেষ খবৰ অনুসৰি যোৱা কিছুদিনৰ পৰা বাংলাদেশ আৰু মেঘালয়ত বাহৰ পাতি আছিল ৰাজখোৱাই। কিছুদিনৰপৰা বাংলাদেশ চৰকাৰেও তেওঁক গ্ৰেপ্তাৰ কৰিলৈ তৎপৰতা অৱলম্বন কৰিছিল বুলি প্ৰকাশ পাইছিল বাতৰিত।
বিশ্বস্ত সূত্ৰৰ খবৰ মতে,মেঘালয় আৰক্ষীৰ বিশেষ অভিযানকাৰী দলৰ সৈতে দক্ষিণ গাৰো পাহাৰৰ ব’লবুক্ৰে গাঁৱত সংঘটিত হোৱা আধাঘণ্টা জোৰা সংঘৰ্ষৰ পিছত আত্মসমৰ্পণ কৰে আলফা(স্বা) উপ মুখ্য সেনাধক্ষ্যগৰাকীয়ে। ইতিমধ্যে মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীৰে সৈতে যোগাযোগ কৰাৰ পাছত অসম আৰক্ষীৰ এটা দল মেঘালয়লৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 34 views