অভিশপ্ত ৩০অক্টোবৰৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি 'আছু'ৰ

Aasu

অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰোৱাসকললৈ শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ।গুৱাহাটীৰ 'আছু' কার্যালয় শ্বহীদ ন্যাসত আছুৰ কেন্দ্ৰীয় নেতৃত্বই নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে বন্তি প্ৰজ্বলন কৰে।বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে আছু সভাপতি দীপাংক কুমাৰ নাথ।ৰাজ্য চৰকাৰক সমালোচনা কৰি সভাপতিগৰাকীয়ে কয়- "১২বছৰৰ পিছতো বিস্ফোৰণত শ্বহীদ আৰু ঘূণীয়া হোৱা পৰিয়ালক সংস্থাপনৰ কোনো ব্যৱস্থা নকৰিলে।ঘটনা সংঘটিত কৰাসকলে টিঘিল ঘিলাই ঘূৰি ফুৰিছে।সেইসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে।"

Aasu

সন্ত্ৰাসবাদ নিপাত যাওঁক বাণীৰে সমগ্ৰ ৰাজ্যত আছুৱে প্ৰজ্বলন কৰে বন্তি।

উল্লেখ যে ২০০৮ চনত এনডিএফবিৰ ৰঞ্জন দৈমাৰী গোটৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত গুৱাহাটী,বৰপেটা, কোকৰাঝাৰত ৰক্তবন্যা বৈছিল।

Your Comments