ৰাজ্যৰ বিদ্যুৎ সংবহন লাইনত এতিয়াৰে পৰা নাথাকিব এটাও বাঁহৰ খুঁটা । বিদ্যূৎ সংবহন লাইনত ব্যৱহাৰ কৰা সকলো বাঁহৰ খুঁটা আঁতৰাই তাৰ ঠাইত পকী খুঁটা বহুৱাবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে ।
মাজুলীত সোমবাৰে সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে ৰাজ্যৰ শক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী তপন কুমাৰ গগৈয়ে । এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে মাজুলী ভ্ৰমণ কৰা অসম চৰকাৰৰ শক্তি (স্বতন্ত্ৰ) আৰু গড়কাপ্তানী দপ্তৰৰ ৰাজ্যমন্ত্ৰী গগৈয়ে দুপৰীয়া গড়মূৰস্থিত উপায়ুক্তৰ সভাকক্ষত শক্তি আৰু গড়কাপ্তানী বিভাগৰ
জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত কয়, 'ৰাজ্যৰ বিভিন্ন অংশত এতিয়াও বিপজ্জনকভাৱে বিদ্যুৎ সংবহন লাইনত বাঁহৰ খুটা ব্যৱহাৰ হৈ থকাটো আমি বন্ধ কৰিবলৈ লৈছোঁ ।
বাঁহৰ খুঁটাবোৰ আঁতৰাই পকী খুঁটা বহুৱাবলৈ আমি এ পি ডি চি এলক ২৫ কোট টকা আবণ্টন দিছোঁ । মাজুলীতো থকা বাঁহৰ খুঁটাবোৰৰ ঠাইত পকী খুঁটা বহুৱাবলৈ ৫৯ লাখ টকা আমি ধাৰ্য কৰিছোঁ ।'
উল্লেখ্য যে দুপৰীয়া নিমাতীঘাট হৈ মাজুলীত পদাৰ্পণ কৰা মন্ত্ৰী গগৈয়ে দুয়োটা বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গক লৈ অনুষ্ঠিত কৰা পৰ্যালোচনা বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব (শক্তি বিভাগ) জিষ্ণু বৰুৱা আৰু এ পি ডি চি এলৰ পৰিচালন সঞ্চালক পুৰু গুপ্তাৰ লগতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই অংশগ্ৰহণ কৰে ।
বৈঠকত ৰাজ্যমন্ত্ৰীগৰাকীয়ে মাজুলী জিলাত এ পি ডি চি এলৰ কাম-কাজৰ লগতে পথ-যোগাযোগ ব্যৱস্থাৰো পৰ্যালোচনা কৰে । বিশেষভাৱে জিলাখনত 'প্ৰধান মন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা' (সৌভাগ্য)ৰ কাৰ্যৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিভাগীয় স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী গগৈয়ে মাজুলী জিলাৰো প্ৰতিটো পৰিয়ালেই যাতে বিদ্যুৎ সংযোগ লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ এ পি ডি চি এলক নিৰ্দেশ দিয়ে ।
আনহাতে, মাজুলীত নিৰন্তৰ বিদ্যুৎ যোগান সুনিশ্চিত কৰিব পৰাকৈ এটা পাইলট প্ৰকল্প গ্ৰহণ কৰিবলৈও শক্তিমন্ত্ৰীগৰাকীয়ে বিভাগৰ শীৰ্ষ বিষয়াক বৈঠকতে নিৰ্দেশ দিয়ে ।
ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিগত সা-সুবিধাৰ শীঘ্ৰে ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে পুঁজি অনুমোদন কৰিব বুলি তেওঁ প্ৰকাশ কৰে । বনগাঁৱত এটা আৰ ই চি শক্তি কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় মাটি শীঘ্ৰে এ পি ডি চি এলক দিয়াৰ বাবে বৈঠকত মাজুলীৰ উপায়ুক্তই সন্মতি জনায় ।
মাজুলীৰ পৰা স্থলপথেৰে বহিঃসংযোগৰ একমাত্ৰ গড়কাপ্তানী পথ গড়মূৰ-জেংৰাইমুখ পথটো 'ডাব'ল-লেন'ৰ ৰাজ্যিক ঘাইপথ হিচাপে নতুনকৈ নিৰ্মাণৰ আঁচনি এখনক লৈও বৈঠকত আলোচনা চলে ।
সদ্যহতে এই পথটোৰে যাতায়াত সুচল কৰাৰ বাবে ইতিমধ্যে আৰম্ভ কৰা ৪.৬২ কোটিটকীয়া মেৰামতি আঁচনিৰ কাম অতি সোনকালে শেষ কৰিবলৈ বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে গগৈয়ে ।
এই পথটোৰ লগতে অফলাঘাট সংযোগী পথছোৱা আৰু আলিমূৰৰ পৰা কমলাবাৰীঘাট পৰ্যন্ত পথটোও অগ্ৰাধিকাৰ ভিত্তিত অতি সোনকালে নিৰ্মাণ কৰিবলৈ বৈঠকত গড়কাপ্তানী বিভাগক মন্ত্ৰী গগৈয়ে নিৰ্দেশ দিয়ে ।
- Log in to post comments
- 7 views