দেশত ৬০ লাখ ক'ৰ'না‌ আক্ৰান্তৰ ভিতৰত আৰোগ্য হ'ল ৫০ লাখ,আৰোগ্যৰ হাৰ সন্তোষজনক

Corona

*ৰাজকমল চাংকাকতি/Rajkamal Changkakoti*

*২৮ ছেপ্টেম্বৰ:

যদিও ভাৰতত ক'ৰ'না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে,আৰোগ্য হোৱা আক্ৰান্তৰ সংখ্যাও সন্তোষজনকভাৱে বৃদ্ধি পাইছে।দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ৬০ লাখ অতিক্ৰম কৰিলে যদিও তাৰে ৫০ লাখ লোক ইতিমধ্যে সুস্থ হৈছে।বিগত ১১ টা দিনত ১০ লাখ ক'ভিড আক্ৰান্ত আৰোগ্য হৈছে।২৭ ছেপ্টেম্বৰলৈ দেশত ৯৫ হাজাৰ ৫৪২ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে।স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ মতে বিগত ২৪ ঘণ্টাত ৮২,১৭০ জন লোক ক'ভিড আক্ৰান্ত হৈছে।মৃত্যু হৈছে ১,০৩৯ গৰাকী ব্যক্তিৰ।এই সময়চোৱাত ৭৪,৮৯৩ গৰাকী লোক আৰোগ্য হৈছে।

Your Comments