প্ৰসংগ 'এছআই' পৰীক্ষা:আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদ ত্যাগ কৰি প্ৰদীপ কুমাৰে কি ক'লে পঢ়ক

প্ৰদীপ কুমাৰ

*প্ৰাৰ্থী আৰু পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰি অধ্যক্ষ পদ এৰিলে কুমাৰে*

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাত ব্যৰ্থ হৈ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰি অসম আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল'লে প্ৰদীপ কুমাৰে।সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱা বুলি কুমাৰে এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰিছে।

উল্লেখ যে যোৱা ২০ ছেপ্টেম্বৰত 'এছআই' লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ পিছতে ৰাজ্যজুৰি বিভিন্ন সমালোচনা তথা একাংশই অধ্যক্ষ কুমাৰৰ পদত্যাগৰ দাবী তুলিছিল।

 

অধ্যক্ষ পদ ত্যাগ কৰি কুমাৰে প্ৰেছ বিজ্ঞপ্তিটোত লিখিছে এইদৰে-'মেধা আৰু যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ নিবনুৱা যুৱক- যুৱতীসকলে যাতে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰে,তাৰ বাবে অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ দায়িত্ব অৰ্পণ কৰিছিল।সম্পূৰ্ণ স্বচ্ছতাৰে যাতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হয়,তাৰ বাবে মই সততা,নিষ্ঠা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ প্ৰচেষ্টাৰ অব্যাহত ৰাখিছিলোঁ।কিন্তু এটা দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত বিসংগতি সংঘটিত হ'ল।"

Pic

 

"মোৰ চাকৰি জীৱনৰ সুদীৰ্ঘ কালচোৱাত কোনোদিনে এনে ব্যৰ্থতাৰ সন্মুখীন হোৱা নাছিলোঁ।তাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মই ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ পৰা অব্যাহতি লৈছোঁ"- কুমাৰে লগতে এইদৰে উল্লেখ কৰিছে।

Your Comments